ঘোচ দিবলৈ গৈ চিবিআইৰ হাতত গ্ৰেপ্তাৰ গৃহ মন্ত্ৰণালয়ৰ বিষয়া…

ঘোচ দিবলৈ গৈ চিবিআইৰ হাতত গ্ৰেপ্তাৰ গৃহ মন্ত্ৰণালয়ৰ বিষয়া…
  • চিবিআইৰ জালত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ বিষয়া।
  • বৃহস্পতিবাৰে চিবিআইৰ এগৰাকী আই পি এছ বিষয়াক উৎকোচ দিবলৈ গৈ গ্ৰেপ্তাৰ হোৱা বিষয়াগৰাকীৰ নাম ধীৰাজ সিং।
  • এটা গোচৰৰ মীমাংসাৰ বাবে ঘোচ দিবলৈ গৈছিল বিষয়াগৰাকীয়ে।
  • ১৬ লাখ টকা উৎকোচ দিবলৈ যোৱাৰ সময়তে হাতে লুটে গ্ৰেপ্তাৰ কৰা হয় বিষয়াগৰাকীক।
  • গ্ৰেপ্তাৰ হোৱা ধীৰাজ সিং নামৰ বিষয়াগৰাকী গৃহ মন্ত্ৰণালয়ৰ এগৰাকী চেকশ্যন বিষয়া বুলি জানিব পৰা গৈছে।
  • ইফালে বিষয়াগৰাকীৰ পৰা চিবিআইৰ অভিযানকাৰী দলটোৱে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৭০ লাখ টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in