ধন উৎকোচ লোৱাৰ অভিযোগত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিলে অনুসন্ধানকাৰী সংস্থাটোৰে বিষয়াসহ তিনিজনক…

ধন উৎকোচ লোৱাৰ অভিযোগত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিলে অনুসন্ধানকাৰী সংস্থাটোৰে বিষয়াসহ তিনিজনক…

ডিজিটেল ডেস্কঃ বেংকৰ ধনৰ কেলেংকাৰীৰ এক ঘটনাৰ সন্দৰ্ভত নতুন দিল্লীত চিবিআইয়ে ৫৫ লাখ টকা উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৰে ডিএছপি আৰ কে ঋষিক। লগতে চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছে ইন্সপেক্টৰ কপিল ধনকড় আৰু এগৰাকী অধিবক্তা মনোহৰ মলিকক।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, বেংকৰ ধনৰ কেলেংকাৰী গোচৰত এগৰাকী লোকক ৰক্ষণা বেক্ষণ দিবলৈ ৫৫ লাখ টকা উৎকোচ লৈছিল এই গৰাকী ডিএছপিয়ে। ইফালে, যোৱা সপ্তাহত গাজিয়াবাদত চিবিআই একাডেমীত কৰ্মৰত এগৰাকী বিষয়াৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰি বিষয়াগৰাকী জড়িত স্থানবোৰত চলাইছিল অভিযান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in