মালিগাঁৱত ১ কোটি টকা উৎকোচ লৈ চিবিআইৰ জালত পৰিল শীৰ্ষ ৰে’ল বিষয়া…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ দেওবাৰে চিবিআইয়ে গ্ৰেপ্তাৰ কৰে ভাৰতীয় ৰেল সেৱাৰ উচ্চপদস্থ বিষয়া মহেন্দ্ৰ সিং চৌহানক। উৎকোচ লোৱা অভিযোগত গ্ৰেপ্তাৰ কৰা হয় বিষয়াগৰাকীক।ডেৰডুনৰ তেওঁৰ বাসভৱনৰ পৰা উৎকোচ লোৱা ১কোটি টকা জব্দ কৰে চি বি আইয়ে।

উল্লেখ্য যে, ১৯৮৫ বেটছৰ বিষয়া মহেন্দ্ৰ সিং চৌহান। দেওবাৰে চিবিআইয়ে চৌহানৰ লগতে আন দুজন লোককো ইতিমধ্যে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। ইফালে, এই ঘটনা সন্দৰ্ভত চিবিআইৰ দলে ৫খন ৰাজ্যত অভিযান অব্যাহত ৰাখিছে।

ইফালে আজিৰ দিনটোত দিল্লী, উত্তৰাখণ্ড, অসম, ট্ৰাপুৰ আৰু পশ্চিম বংগকে ধৰি ২১ টা স্থানত অনুসন্ধান কৰা কৰিছিল চি বি আয়ে। এই অনুুসন্ধানত প্ৰায় ৫৪ লাখ টকা নগদ ধন উদ্ধাৰ কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in