কাছাৰত ১৮২ জনলৈ বৃদ্ধি কোৰোনাক্ৰান্তৰ সংখ্যা, মঙলবাৰে পুনৰ ১৭ জনৰ দেহত কোভিড-১৯ চিনাক্ত

কাছাৰত ১৮২ জনলৈ বৃদ্ধি কোৰোনাক্ৰান্তৰ সংখ্যা, মঙলবাৰে পুনৰ ১৭ জনৰ দেহত কোভিড-১৯ চিনাক্ত

ডিজিটেল সংবাদ, শিলচৰঃ কাছাৰত দ্ৰুত হাৰত বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা। বিশেষকৈ, বিএছএফ আৰু সেনা জোৱানৰ মাজত কৰোনা সংক্ৰমিত হোৱাত উদ্বিগ্ন স্বাস্হ্য বিভাগ৷ শনিবাৰ, দেওবাৰ, আৰু সোমবাৰে ক্ৰমে ১৯ জন, ১০ জন আৰু ১০ জন লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰাৰ পিচত মঙলবাৰে পুনৰ ১৪ জন লোকৰ শৰীৰত কোভিড ১৯ পজিটিভ ধৰা পৰে৷ এই ১৪ জনক লৈ এতিয়ালৈ কাছাৰ জিলাত কোৰোনাক্ৰান্ত ৰোগীৰ সংখ্যা ১৭৯ জনলৈ বৃদ্ধি পালে৷ মঙলবাৰে আক্ৰান্ত হোৱা এই ১৪জন লোকৰ ভিতৰত ৯ গৰাকী সেনা জোৱান আৰু এজন কুম্ভীৰগ্ৰাম বিমানকোঠত কৰ্মৰত৷ বাকী কেইজন কাছাৰ জিলাৰ ভিন্ন স্হানৰ৷ কাছাৰ জিলা স্বাস্হ্য বিভাগে সদৰী কৰা মতে, কৰোনাক্ৰান্ত সেনা জোৱান দহজন কাছাৰৰ মাছিমপুৰ মিলিটাৰী ষ্টেচনত কৰ্মৰত৷

মাছিমপুৰ মিলিটাৰী ষ্টেচনত আক্ৰান্ত কোৰোনা ৰোগীৰ সংস্পৰ্শলৈ অহাৰ ফলত এই দহজনৰ দেহত মঙলবাৰে কোভিড-১৯ পজিটিভ ধৰা পৰে৷ সেনা জোৱান কেইজনক মাছিমপুৰ সেনা হস্পিতালতে ভৰ্তি কৰা হৈছে৷ অৱশ্যে এজন জোৱানৰ স্বাস্হ্যৰ অৱনতি ঘটাত তেওঁক শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালয়ত ভৰ্তি কৰা হয়৷ জোৱান কেইজন প্ৰকাশ মাংগজি, কুলদীপ কুমাৰ, নাৰায়ণ কুমাৰ, ইন্দ্ৰ বিজয় লালা, হীৰেন্দ্ৰ সিং, ভাস্কৰ ৰাও, মুকেশ কুমাৰ, বিপি যাদৱ, গুজ্জৰ হৰিৰাম আৰু ৰাম কুমাৰ৷ ৰাম কুমাৰ কুম্ভীৰগ্ৰাম বিমানকোঠত কৰ্মৰত৷ আনহাতে, কাছাৰৰ চাৰি গৰাকী কৰোনাক্ৰান্ত লোকৰো ভ্ৰমণ ইতিহাস আছে৷

শিলচৰ দুৰ্গাপল্লীৰ বাসিন্দা চন্দ্ৰ শেখৰ অধিকাৰী দিল্লীৰ পৰা অহাৰ পিছত কল্পতৰু হোটেলৰ কোৱাৰেন্টাইনত ৰখা হৈছিল৷ বহিঃৰাজ্যৰ পৰা অহা শিলচৰ আৰতী এপাৰ্টমেন্টৰ বাসিন্দা অভিৰুপ শৰ্মা পাঠকক হোম কোৱাৰেন্টাইন ৰখা হৈছিল৷ সেইদৰে, বিনাকান্দিৰ দ্বিতীয় খণ্ডৰ বিদ্যাধন সিংহক শিলচৰ এনআইটিৰ কোৱাৰেন্টাইনত ৰখাৰ বিপৰীতে মেহেৰপুৰৰ পুৰ্নীমা বিশ্বাস(৬৫)ক হোম কোৱাৰেন্টাইনত ৰখা হৈছিল বুলি স্বাস্হ্য বিভাগে সদৰী কৰে৷

এই চাৰিও গৰাকী কোৰোনাক্ৰান্ত ৰোগীকে মঙলবাৰে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালয়ত ভৰ্তি কৰা হয়৷ বৰ্তমান কাছাৰ জিলাত এজনো কোৰোনা আক্ৰান্ত ৰোগীৰ মৃত্যু হোৱা নাই যদিও জিলাখনত মুঠ ১৭৯ গৰাকী লোক কোৰোনাত আক্ৰান্ত হয়৷ মঙলবাৰলৈকে ১০৫ গৰাকী লোক সুস্হ হোৱাৰ বিপৰীতে সম্প্ৰতি ৭৪ জন চিকিৎসাধীন হৈ আছে৷ শেহতীয়াকৈ প্ৰাপ্ত খবৰ অনুসৰি, কাছাৰত আৰু তিনিজনৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰে৷ এই তিনিজনৰো ভ্ৰমণ বৃত্তান্ত আছে৷ তেওঁলোক আহাত হুছেইন ৰুকনি (ধলাই সমষ্টি), জিয়াউৰ ৰহমান বৰভূঞা (নতুন ৰাম নগৰ, সোণাই) আৰু কলিম উদ্দিন (লাঠিমাৰা, কাটিগৰা সমষ্টি) তেওঁলোকৰ আটাইয়ে বাংগালুৰুৰ পৰা অহা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in