প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিৰুদ্ধে দিছপুৰ থানাত ৪২০ ধাৰাত গোচৰ

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিৰুদ্ধে দিছপুৰ থানাত ৪২০ ধাৰাত গোচৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত ৰুজু হৈছে এটি গোচৰ। ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি), ৪২০, ৪০৬, ৪০৯ আৰু ৩৪ ধাৰাৰ অধীনত ৰুজু কৰা হৈছে এই গোচৰ।

আৰ টি আই কৰ্মী দুলাল বৰাৰ এজাহাৰৰ ভিত্তিত ৰুজু কৰা হৈছে এই গোচৰ। আৰ টি আই কৰ্মীজনে এজাহাৰখনত হস্ততাত আৰু বস্ত্ৰ বিভাগৰ প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী বিস্মিতা গগৈৰ লগতে তদানীন্তন মুখ্য সচিব ভি কে পিপাৰছেনিয়াৰ নামো উল্লেখ কৰিছে।

মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত ২০১৫ চনত ১২৫ কোটি টকাৰ কম্বল বিতৰণত অনুমোদন জনোৱা সন্দৰ্ভত আৰটিআই কৰ্মীজনে দাখিল কৰে উক্ত এজাহাৰ। নিৰ্বাচনৰ পূৰ্বে নীতি উলংঘা কৰি উক্ত কম্বল বিতৰণ আঁচনিত অনুমোদন জনোৱা বুলি এজাহাৰত অভিযোগ উত্থাপন কৰিছে বৰাই।

নিবিদা আহ্বানৰ সময়ত ইয়ংমেন উলেন মিলছ প্ৰাইভেট লিমিটেডৰ সৈতে অবৈধ ধনৰ লেন-দেন হোৱাৰো অভিযোগ উত্থাপন কৰিছে আৰ টিআই কৰ্মীজনে। অৱশ্যে এই সন্দৰ্ভত মন্তব্য প্ৰকাশৰ পৰা বিৰত আছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী।

আনহাতে, বিস্মিতা গগৈয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি সংবাদ মাধ্যমৰ আগত উক্ত অভিযোগক ভিত্তিহীন আখ্যা দিয়ে। ৰাজনৈতিক স্বাৰ্থৰ বাবেই আৰটিআইৰ কৰ্মীক ব্যৱহাৰ কৰি তেওঁলোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা বুলি প্ৰতি অভিযোগ কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in