গ্ৰেপ্তাৰ হ’ব নেকি অভিনেত্ৰী সোনাক্ষী সিনহা!

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ উত্তৰপ্ৰদেশৰ মোৰাদাবাদত জনপ্ৰিয় অভিনেত্ৰী সোনাক্ষী সিনহাৰ বিৰুদ্ধে ৰুজু হৈছে এক গোচৰ। প্ৰৱঞ্চনাৰ অভিযোগেৰে অভিযুক্ত অভিনেত্ৰী গৰাকীৰ বিৰুদ্ধে থকা এটা গোচৰৰ বাবে তেওঁৰ ঘৰত বৃহস্পতিবাৰে আৰক্ষী উপস্থিত হৈছিল যদিও অভিনেত্ৰীগৰাকীক লগ নোপোৱাৰ বাবে আৰক্ষীয়ে ৰুজু কৰিছে গোচৰটো। দিল্লীৰ এটা অনুষ্ঠানৰ বাবে ২০০৮ চনত ২৪ লাখ টকা লৈ অনুষ্ঠানত উপস্থিত নথকাৰ অভিযোগ অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে।

ঘটনাৰ সংক্ৰান্তৰ আৰক্ষীয়ে অভিনেত্ৰী গৰাকীৰ ঘৰত উপস্থিত হৈ বৃহস্পতিবাৰে তেওঁৰ ভাষ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিও বিফল হয়। তাৰ পিছতে কাটঘৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৪২০ ধাৰা আৰু ৪০৬ ধাৰাত ৰুজু হৈছে গোচৰটো। ইফালে শুকুৰবাৰে পুনৰ অভিনেত্ৰীগৰাকীৰ ঘৰলৈ আৰক্ষী যাব বুলিও প্ৰকাশ কৰিছে এটা সূত্ৰই। সোনাক্ষী সিনহাৰ মুখপাত্ৰগৰাকীয়ে এই ঘটনা ষড়যন্ত্ৰমূলক বুলি দাবী কৰিছে। মুখপাত্ৰগৰাকীয়ে কয় যে, 'তেওঁৰ ৯ বছৰীয়া কেৰিয়াৰত প্ৰতিদিনে সুন্দৰভাৱে কাম কৰি আহিছে। লোকজনে অনা অভিযোগ একেবাৰে ভিত্তিহীন আৰু অসত্য।'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in