পাক প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে যোৱা নেতাৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ…

পাক প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে যোৱা নেতাৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ…

ডিজিটেল ডেস্কঃ পাকিস্তানৰ অন্যতম ৰাজনৈতিক দল জমীয়ত উলেমা-এ-ইছলাম-ফজল চমুকৈ জেইউআই-এফৰ প্ৰধান মৌলানা ফজলুৰ ৰহমানৰ বিৰুদ্ধে আক্ৰোশমূলক বক্তৃতা প্ৰদান আৰু প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে জনতাৰ মাজত অপপ্ৰচাৰ চলোৱাৰ অভিযোগ তুলি ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰাৰ সিদ্ধান্ত লৈছে পাকিস্তান চৰকাৰে।

আন্তৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ বাতৰি অনুসৰি, শনিবাৰে এক সংবাদ মেল সম্বোধন কৰি পাক প্ৰতিৰক্ষা মন্ত্ৰী পাৰভেজ খটকে মৌলানা ফজলুৰ ৰহমানৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰাৰ বিষয়ে জানিবলৈ দিয়ে। প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি, জেইউআই-এফৰ নেতাগৰাকীয়ে আক্ৰোশমূলক ভাষণৰ জৰিয়তে প্ৰধানমন্ত্ৰী ইমৰান খানক গ্ৰেপ্তাৰ কৰিবলৈ দেশবাসীক ওলাই আহিবলৈ আহ্বান জনাইছিল।

চৰকাৰৰ বিৰুদ্ধে 'আজাদী মাৰ্চ'ৰ নেতৃত্ব প্ৰদান কৰি থকা মৌলানা ফজলুৰ ৰহমানে শুকুৰবাৰে ভাষণত জনতাক সম্বোধি কৈছিল যে প্ৰধানমন্ত্ৰী ইমৰান খানে কৰি অহা কাৰ্যৰ প্ৰতিবাদত দেশবাসীয়ে তেওঁৰ বাসগৃহৰ সন্মুখত ধৰ্ণা দিব পাৰে আৰু তেওঁ পদত্যাগ নকৰা পৰ্যন্ত আৰু গ্ৰেপ্তাৰ নোহোৱা পৰ্যন্ত এই ধৰ্ণা অব্যাহত থাকিব পাৰে।

প্ৰতিৰক্ষা মন্ত্ৰী পাৰভেজ খটকে এই ভাষণৰ বিৰোধিতা কৰি এয়া ৰাষ্ট্ৰদ্ৰোহ বুলি অভিহিত কৰে। তেওঁ কয় যে এনে ভাষণে জনতাক প্ৰৰোচিত কৰিব পাৰে আৰু এয়া আইন বিৰোধী কাৰ্যকলাপ। লগতে তেওঁ এয়াও কয় যে মৌলানা ফজলুৰ ৰহমানৰ 'আজাদী মাৰ্চ'ক লৈ চৰকাৰ মুঠেও চিন্তিত নহয়। কিন্তু এগৰাকী ৰাষ্ট্ৰীয় স্তৰৰ নেতাই এনে মন্তব্য কৰাটো দুৰ্ভাগ্যজনক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in