ডিজিটেল ডেস্কঃ ৰূপালী পৰ্দাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰিত্ৰ ৰূপায়ন কৰা বিবেক অবেৰয়ৰ বিৰুদ্ধে তৰা হৈছে গোচৰ। ভাৰতীয় দণ্ডবিধি ৫০৯ নং ধাৰাত এই গোচৰ ৰুজু কৰিছে মুম্বাই মহিলা কংগ্ৰেছে। পি এম নৰেন্দ্ৰ মোডী বায়'পিকখনত মোডীৰ চৰিত্ৰ ৰূপায়ন কৰা অভিনেতা বিবেক অবেৰয়ৰ বিৰুদ্ধে মিম ফটোৰ জৰিয়তে মহিলাৰ বিৰুদ্ধে সন্মানহানি কৰা অভিযোগ তোলা হৈছে।
উল্লেখ্য যে, টুইটাৰযোগে এগজিট প'ল প্ৰকাশৰ পাছতেই বিবেক অবেৰয়ে এখন ফটো ৰি-টুইট কৰিছিল। যিখন ফটোত ছলমান খানৰ সৈতে ঐশ্বৰ্য্য ৰায়ৰ ফটো এক কৰি ইয়াক অপেনিয়ন প'ল, বিবেক অবেৰয়ৰ সৈতে ঐশ্বৰ্য্যৰ ফটো দি এগজিট প'ল আৰু অভিষেক বচ্চন আৰু তেওঁলোকৰ কন্যাৰ ফটো লগাই সেই ফটোত ৰিজাল্ট বুলি লিখা আছিল।
বেলেগ এজন ব্যক্তিয়ে দিয়া এই টুইটটো পুনৰ টুইট কৰি বিতৰ্কৰ মাজত সোমাই পৰিছিল অভিনেতাগৰাকী। ৰাষ্ট্ৰীয় মহিলা আয়োগৰ লগতে মহাৰাষ্ট্ৰৰ ৰাজ্যিক মহিলা আয়োগেও এই কাণ্ডৰ বাবে অভিনেতাগৰাকীলৈ প্ৰেৰণ কৰিছিল জাননী। বলিউডৰ অভিনেতা-অভিনেত্ৰীয়েও অবেৰয়ক এনে কাণ্ডৰ বাবে সমালোচনা কৰিছিল। পিছলৈ ভুল বুজি সমগ্ৰ কাণ্ডৰ বাবে ক্ষমা বিচাৰিছে ইতিমধ্যে অভিনেতাগৰাকীয়ে।