বুৰঞ্জীবিদ ৰমিলা টাপৰ, সঞ্জয় হাজৰিকাৰ বিৰুদ্ধে কোকৰাঝাৰ থানাত গোচৰ

 বুৰঞ্জীবিদ ৰমিলা টাপৰ, সঞ্জয় হাজৰিকাৰ বিৰুদ্ধে কোকৰাঝাৰ থানাত গোচৰ

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বুৰঞ্জীবিদ তথা লেখক ৰমিলা টাপৰ আৰু সঞ্জয় হাজৰিকাই বড়ো জনগোষ্ঠীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য প্ৰদান কৰাৰ অভিযোগ তুলি লেখকদ্বয়ৰ বিৰুদ্ধে  ইউনাইটেড ট্ৰাইবেল অৰ্গেনাইজেছন নামৰ সংগঠনটোৱে কোকৰাঝাৰ সদৰ থানাত এক গোচৰ (নং ০৩৯০/১৮) ৰুজু কৰিছে৷

সংগঠনটোৰ সভাপতি মাৰ্কুচ বসুমতাৰীয়ে আজি কোকৰাঝাৰ প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত উক্ত কথা সদৰী কৰি কয় যে বুৰঞ্জীবিদ তথা লেখক ৰমিলা টাপৰ আৰু সঞ্জয় হাজৰিকাই  "Ancient Indian Social History" আৰু  "Strangers No More" নামৰ গ্ৰন্থত " বড়ো বিদ্ৰোহী" শব্দ ব্যৱহাৰ কৰি খিলঞ্জীয়া বড়ো জনগোষ্ঠীটোকে বিদ্ৰোহী আখ্যা দিছে৷ সেয়ে অতি শীঘ্ৰে উক্ত গ্ৰন্থ দুখন নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰিছে মাৰ্কুচ বসুমতাৰীয়ে৷

লেখকেদ্বয়ে তেওঁলোকৰ দ্বাৰা স্বৰচিত "Strangers No More" গ্ৰন্থৰ ১৮৫ আৰু ১৮৭ পৃষ্ঠাত আৰু Ancient Indian Social History নামৰ গ্ৰন্থখনৰ ৩৭৮ নং পৃষ্ঠাত এনডিএফবি উগ্ৰপন্থীৰ ওপৰত লিখিত এক অধ্যায়ত সমগ্ৰ বড়ো জনগোষ্ঠীটোকে বিদ্ৰোহী আখ্যা দিয়া বুলি অভিযোগ তোলে। উগ্ৰপন্থীৰ কোনো জাতি ধৰ্ম নাথাকে বৰঞ্চ উগ্ৰপন্থীক বড়ো উগ্ৰপন্থী বুলি উল্লেখ কৰাটো বড়ো জনগোষ্ঠীৰ বাবে চৰম অপমানজনক আৰু অন্যায় হোৱা বুলিও তেওঁ মন্তব্য কৰে।

ভৱিষ্যতে কোনো লেখক আনকি সংবাদ মাধ্যমেও যাতে বড়ো উগ্ৰপন্থী বুলি কোনো শব্দ ব্যৱহাৰ নকৰে তাৰ প্ৰতি সচেতন হ'বলৈ আহ্বান জনাইছে ইউনাইটেড ট্ৰাইবেল অৰ্গেনাইজেছন নামৰ সংগঠনটোৰ সভাপতি মাৰ্কুচ বসুমতাৰীয়ে। 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in