প্ৰদীপ দত্ত ৰায়ৰ বিৰুদ্ধে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এজাহাৰ দাখিল

প্ৰদীপ দত্ত ৰায়ৰ বিৰুদ্ধে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এজাহাৰ দাখিল

ডিজিটেল সংবাদ, নুমলীগড়ঃ তথাকথিত বিজেপি নেতা প্ৰদীপ দত্ত ৰায়ে অসমীয়া ছাত্ৰ ছাত্ৰীক শিলচৰৰ অসম বিশ্ববিদ্যালয়ত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আন্দোলন নকৰিবলৈ সকিয়াই দিয়াৰ লগতে অসমীয়া ছাত্ৰ ছাত্ৰীসকলক পঢ়াৰ পৰা বঞ্চিত কৰিব বুলি ভাবুকি দিয়া কাৰ্য্যক তীব্র গৰিহণা দিছে মৰঙি আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। এই সন্দর্ভত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰদীপ দত্ত ৰায়ৰ ওপৰত গোচৰ ৰুজু কৰিছে নুমলীগড় আৰক্ষী থানাত।

ভৱিষ্যতে অসম আৰু অসমীয়াৰ ওপৰত এনে সাম্প্রদায়িক মন্তব্য নিদিবলৈ সকিয়াই দিলে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। লগতে অসমীয়া আৰু বাঙালীৰ মাজত বিভেদ সৃষ্টি কৰিব বিচৰা এই তথাকথিত নেতাক অতিশীঘ্ৰেই গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিবলৈ আৰু অসম বিশ্ববিদ্যালয়ৰ অসমীয়া ছাত্ৰ ছাত্ৰী সকলক নিৰাপত্তা সুনিশ্চিত কৰিবলৈ চৰকাৰক দাবী আৰু আহ্বান জনাইছে ছাত্ৰ মুক্তিৰ মৰঙিৰ সাধাৰণ সম্পাদক পিন্টু গগৈয়ে। লগতে এই কাৰ্যসূচীত কৃষক মুক্তিৰ মৰঙি আঞ্চলিকৰ সাধাৰণ সম্পাদক দিপক শইকীয়া উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in