মহিলাক কাটি দুচেও কৰিবলৈ আহ্বান জনোৱা অভিনেতাৰ বিৰুদ্ধে আৰক্ষীৰ গোচৰ ৰুজু

Sabarimala:  Ayyappa devotees throng at Sannidanam in Sabarimala on Wednesday. PTI Photo (PTI1_6_2016_000222A)
Sabarimala: Ayyappa devotees throng at Sannidanam in Sabarimala on Wednesday. PTI Photo (PTI1_6_2016_000222A)

ডিজিটেল ডেস্কঃ কেৰালাৰ তিৰুৱানন্তপুৰতস্থিত সৱৰিমালা দেৱী মন্দিৰত মহিলাৰ প্ৰৱেশক লৈ শুকুৰবাৰে মালায়লম অভিনেতা কোল্লাম থুলাসীয়ে বিতৰ্কিত মন্তব্য কৰাৰ পিছতে শনিবাৰে আৰক্ষীয়ে অভিনেতাগৰাকীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে৷

উল্লেখ্য যে, অভিনেতাগৰাকীয়ে শুকুৰবাৰে এক সভাত অংশ লৈ সৱৰিমালা মন্দিৰত প্ৰৱেশ কৰা মহিলাক কাটি দুচেও কৰি এচেও দিল্লীলৈ প্ৰেৰণ কৰি এটা ফাল তিৰুৱানন্তপুৰমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত পেলাব লাগে বুলি মন্তব্য কৰিছিল৷

প্ৰখ্যাত অভিনেতাগৰাকীৰ এই মন্তব্যৰ পিছতে ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি হয়৷ একাংশ লোকে অভিনেতাগৰাকীৰ এই মন্তব্যৰ বিৰোধিতা কৰি বিক্ষোভ প্ৰদৰ্শন কৰাৰ লগতে তেওঁৰ গ্ৰেপ্তাৰৰ দাবী জনাই উত্তাল পৰিৱেশৰ সৃষ্টি কৰে৷ ইয়াৰ পিছতে আৰক্ষীয়ে শনিবাৰে ৰাজহুৱা স্বাৰ্থ আৰু মহিলাক অপমান কৰাৰ অভিযোগত অভিনেতাগৰাকীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে৷

উল্লেখ্য যে, কেৰালাৰ তিৰুৱানন্তপুৰমস্থিত সৱৰিমালা দেৱী মন্দিৰত পৰম্পৰাগতভাৱে ১০ৰ বছৰৰ পৰা ৫০ বছৰৰ ভিতৰৰ মহিলাৰ প্ৰৱেশত প্ৰতিবন্ধকতা লগোৱা হৈছিল৷ কিন্তু শেহতীয়াকৈ যোৱা ২৮ চেপ্তেম্বৰত উচ্চতম ন্যায়ালয়ে এই প্ৰতিবন্ধকতা উঠাই দি ৰায় দিয়ে যে মন্দিৰ যিহেতু এক ৰাজহুৱা সম্পদ, গতিকে ইয়াত লিংগ বৈসম্য থকাটো অনুচিত৷

ইফালে, উচ্চতম ন্যায়ালয়ৰ এই ৰায়ৰ পিছতে ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ একাংশ লোকে ন্যায়ালয়ৰ ৰায় স্বীকাৰ কৰাৰ বিপৰীতে একাংশই ইয়াৰ তীব্ৰ বিৰোধিতা কৰাও পৰিলক্ষিত হয়৷ শেহতীয়াকৈ এই সন্দৰ্ভতে উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ বিৰোধিতা কৰি মালায়লম অভিনেতা কোল্লাম থুলাসীয়ে এক জনসভাত 'মন্দিৰত প্ৰৱেশ কৰা মহিলাক কাটি দুচেও কৰিব লাগে' বুলি বিতৰ্কিত মন্তব্য কৰিছিল৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in