কেবৰ বিৰুদ্ধে আছুৰ তীব্ৰ প্ৰতিবাদ, কাছাৰতো জ্বলিল অমিত শ্বাহৰ জুমুঠি-কেবৰ প্ৰতিলিপি

কেবৰ বিৰুদ্ধে আছুৰ তীব্ৰ প্ৰতিবাদ, কাছাৰতো জ্বলিল অমিত শ্বাহৰ জুমুঠি-কেবৰ প্ৰতিলিপি

ডিজিটেল সংবাদ, শিলচৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এইবাৰ বৰাকতো তীব্ৰ প্ৰতিবাদ৷ কাছাৰত নাগৰিকত্ব সংশোধনী বিধেকৰ প্ৰতিবাদত গৃহমন্ত্ৰী অমিত শ্বাহৰ জুমুঠি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আছুৰ কাছাৰ জিলা কমিটীয়ে।

অকল অমিত শ্বাহৰে নহয় আছু কৰ্মী সকলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপিও দাহ কৰে৷ শিলচৰৰ মধুৰামুখত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আছু নেতা আইনুল হক চৌধুৰীয়ে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰক জাতি বিৰোধী এই বিধেয়ক বাতিল কৰিবলৈ দাবী জনায়৷ অন্যথা ভৱিষ্যতে তীব্ৰ আন্দোলন গঢ়িব বুলি চৰকাৰক সকীয়াই দিয়ে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in