কাছাৰত বাৰ্মিজ চিগাৰেট-হিৰ’ইন সহ নিচাজাতীয় টেবলেট জব্দ…

কাছাৰত বাৰ্মিজ চিগাৰেট-হিৰ’ইন সহ নিচাজাতীয় টেবলেট জব্দ…

ডিজিটেল সংবাদ, শিলচৰ: সমগ্ৰ ৰাজ্যৰ লগতে কাছাৰতো অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ শনিবাৰে নিশা জিলাখনৰ বিভিন্ন স্হানত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে বুজণ পৰিমাণৰ হেৰোইন, নিচা জাতীয় টেবলেট আৰু যথেষ্ট পৰিমাণৰ বিদেশী চিগাৰেট বাজেয়াপ্ত কৰে ৷ অসম-মনিপুৰ সীমান্তৱৰ্তী জিৰিঘাট থানাৰ আৰক্ষী আৰু লক্ষীপুৰৰ এছ ডিপিওয়ে জিৰিঘাটৰ লালপানী এলেকাত অভিযান চলাই ৪০ (40) হাজাৰ YABA টেবলেট বাজেয়াপ্ত কৰে৷ টেৱলেটৰ সৈতে ইবতম্বা সিংহ নামৰ মনিপুৰ জিৰিবামৰ এজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে ৷ ধৃত ড্ৰাগছ ব্যৱসায়ী জন মনিপুৰ চৰকাৰৰ "ভিলেজ ডিফেঞ্চ ফৰ্চ"ৰ কৰ্মকৰ্তা বুলি জানিবলৈ দিছে আৰক্ষীয়ে।

ইফাল, সোণাই থানাৰ আৰক্ষীয়ে অভিযান চলাই এখন টাৰি চকীয়া বাহনৰ পৰা ২০ হাজাৰ YABA টেৱলেট জব্দ কৰে ৷ টেবলেটৰ সৈতে দিলোৱাৰ হুছেইন লস্কৰ নামৰ নতুন ৰামনগৰৰ এজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে ৷ ইয়াৰোপৰি, অসম – মিজোৰাম সীমান্তৰ লাইলাপুৰ তালাচী চকীত নাকা চেকিঙৰ সময়ত আৰক্ষীয়ে ৬০ কাৰ্টন বাৰ্মিজ চিগাৰেট বাজেয়াপ্ত কৰে ৷ আইজলৰ পৰা বদৰপুৰৰ ভাংগালৈ এখন আইছক্ৰীম সৰবৰাহ কৰা গাড়ীত চিগাৰেটখিনি লৈ অহাৰ সময়ত আৰক্ষীয়ে জব্দ কৰে চিগাৰেট খিন ৷

চিগাৰেট সৰবৰাহ কৰাৰ অভিযোগত বৰপেটা ভেল্লাৰ বাসিন্দা গাড়ীৰ চালক ৰাতুল আমিন আৰু সহ চালক মনোৱাৰ আলীক গ্ৰেপ্তাৰ কৰা হয় ৷ লগতে, চিগাৰেটখিনিৰ গৰাকী বদৰপুৰৰ চাইদুল আলমকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ বাৰ্মিজ চিগাৰেট খিনিৰ মূল্য ১০ লাখ টকা হ'ব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ ইফালে, ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই শিলচৰ আৰক্ষীয়ে ঘুুংগুৰ আতালস্তিৰ এটি ঘৰৰ পৰা ১৬৫ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰে ৷ কন্টেইনাৰ কেইটাত ৮.৫৬ গ্ৰাম হেৰোইন থকা বুলি সদৰী কৰে আৰক্ষীয়ে ৷ হেৰ'ইনৰ সৈতে মামন চৌধুৰী আৰু আমিৰ আলী লস্কৰ নামৰ দুজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা হয়৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in