কাচাৰ-নগাঁও কাগজ কল বিক্ৰীৰ চূড়ান্ত সিদ্ধান্তঃ ১৫ জুনত হ’ব নিবিদা, মূল্য ধাৰ্য কৰা হ’ল মাত্ৰ ১১৩৯ কোটি টকা…

কাচাৰ-নগাঁও কাগজ কল বিক্ৰীৰ চূড়ান্ত সিদ্ধান্তঃ ১৫ জুনত হ’ব নিবিদা, মূল্য ধাৰ্য কৰা হ’ল মাত্ৰ ১১৩৯ কোটি টকা…

ডিজিটেল ডেস্কঃ বিজেপি চৰকাৰৰ চৰম বিশ্বাসঘাতকতা। বিগত চৰকাৰৰ দিনত উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জাগীৰোডৰ নগাঁও কাগজ কলত উপস্থিত হৈ দীৰ্ঘকাল বন্ধ হৈ থকা কলটোৰ কৰ্মচাৰীসকলক তিনি মাহৰ ভিতৰতে কাচাৰ আৰু নগাঁও কাগজ কল পুনৰ চলোৱাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু নিৰ্বাচনী সভাত দিয়া প্ৰতিশ্ৰুতিৰ দৰেই মন্ত্ৰীয়ে জাগীৰোডৰ পৰা উভতি আহিয়েই পাহৰিলে এই প্ৰতিশ্ৰুতিৰ কথা। তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো এই সন্দৰ্ভত নিচুপ হৈ থকাই নহয়, তেওঁৰ জ্ঞাতসাৰেই কেন্দ্ৰীয় চৰকাৰে দুয়োটা কাগজ কল নিলাম কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিলে। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা নিয়োজিত এল'য় এণ্ড মেন্টেল প্ৰাইভেল লিমিটেড নামৰ সংস্থাটোৱে লোৱা পদক্ষেপৰ পাছত নেশ্যনেল কোম্পানী ল' ট্ৰিবিউনেলৰ দিল্লী বেন্সে এই প্ৰস্তাৱ নাকচ কৰি দুয়োটা কলৰ ১৪০০ কৰ্মচাৰীক আশাৰ বতৰা দিছিল যদিও, শেহতীয়াকৈ পুনৰ এই নিৰ্দেশনাক অমান্য কৰি কেন্দ্ৰীয় চৰকাৰে কাগজ কল দুটাৰ নিলামৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে।

১৪০০ পৰিয়ালৰ প্ৰায় ৩ হাজাৰ লোকৰ ভৱিষ্যৎ ধ্বংস কৰি গ্ৰহণ কৰা এই সিদ্ধান্তৰ ক্ষেত্ৰত পূৰ্বৰ সকলো প্ৰতিশ্ৰুতি পাহৰি দুখোজ আগুৱাই গৈ চৰকাৰে আজি নিলামৰ বাবে দুয়োটা কাগজ কলৰ সৰ্বনিম্ন মূল্য ১১৩৯ কোটি টকা ধাৰ্য কৰা উপৰি ১৫ জুন, ২০২১ৰ ভিতৰত ইয়াৰে বাবে ইছ্যুক নিবিদাকাৰীক নিবিদা প্ৰদান কৰিবলৈও জাননী জাৰি কৰিছে। কোভিডে যি সময়ত দেশৰ ক্ষুদ্ৰ আৰু মজলীয়া বাণিজ্য তথা উদ্যোগ খণ্ডক মাধমাৰ সোধাইছে, সেই সময়ত দীৰ্ঘকাল বন্ধ হৈ থকা এই কাগজ কল দুটাৰ দৰমহা বিহীন কৰ্মচাৰীসকলক প্ৰাণে মৰাৰ সিদ্ধান্তও ইয়াৰ জৰিয়তে খোদ দিল্লী-দিছপুৰৰ চৰকাৰে গ্ৰহণ কৰিছে।

উল্লেখ কৰাৰ প্ৰয়োজন যে, কাছাৰ কাগজ কলত মুঠ ৮০০ কৰ্মচাৰীৰ বিপৰীতে নগাঁও কাগজ কলত ৬০০ কৰ্মচাৰীয়ে এতিয়াও চৰকাৰৰ কথা মতে কাগজ কলটো পুনৰ চলোৱা হ'ব বুলি আশা কৰিয়েই বহি আছিল। কাৰোবাৰ ঘৰত দিন হাজিৰা কৰি বাটৰ কাষত চাহ-তামোলৰ দোকান দি কোনোমতে পৰিয়ালৰ ভাতমুঠিৰ লগতে সন্তানৰ পঢ়া শুনাৰ ব্যৱস্থা কৰি গভীৰ আশাৰে বাট চাই থকা এই সকল কৰ্মচাৰীৰ বিপৰীতে যোৱা ৩টা বছৰৰ ভিতৰতে অৰ্থৰ অভাৱত চিকিৎসা ল'ব নোৱাৰাকে ধৰি আত্মহননৰ দৰে মৰ্মান্তিক পথ বাচি লোৱা কৰ্মচাৰীৰ সংখ্যা হ'ল জাগীৰোড কাগজ কলৰ ৫২জন আৰু কাচাৰ কলৰ ৩৪জন।

কিন্তু এনে গণমৃত্যু অথবা আত্মহননেও কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ হৃদয় মুঠেও গলাব নোৱাৰিলে।যাৰ বাবেই বাদ-প্ৰতিবাদ, নিজেই দিয়া প্ৰতিশ্ৰুতি আদি সকলো পাহৰি দুয়োটা কাগজ কল পানীৰ দৰত বিক্ৰী কৰি দিয়াৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰি ১৪০০ কৰ্মচাৰীৰ অন্তিম আশাৰ কিৰণকণো শেহতীয়াকৈ নিৰ্বাপিত কৰি দিলে। হতভোগীয়া এই পৰিয়ালসকলে আজিৰ দিনটোত কাগজ কল চৌহদৰ বাহিৰলৈ ওলাই প্ৰতিবাদ কৰা নাই। কিন্তু সকলোৱে আন্ধাৰত বহি অদৃশ্য ভগৱানক উদ্দেশ্যি ক্ষমতাৰ গাদীৰ লোভত শ্ৰমিকৰ ভৱিষ্যতৰ বন্তি নিৰ্বাপন কৰা তথাকথিত চৰকাৰ তথা মন্ত্ৰীৰ আৰু ষড়যন্ত্ৰকাৰীৰ ওপৰত কঠোৰ শাস্তি বিহিবলৈ চকুলো টুকি প্ৰাৰ্থনা জনাইছে।

আচৰ্যজনক কথা এয়ে যে, যি ন্যূনতম মূল্যত  কল দুটা বিক্ৰী কৰাৰ সিদ্ধান্ত লৈ চৰকাৰে নিবিদা আহ্বান কৰিছে, সেই কাগজ কল দুটাত থকা মাটিৰ মূল্যৰ পৰিমানে উক্ত ধাৰ্য পৰিমানৰ চাৰিগুণ হ'ব। তাৰ বাহিৰে থকা আবাসগৃহ, কাৰ্যালয় ভৱন আৰু যান্ত্ৰপাতিসমূহ সুকীয়াকৈ নিলাম কৰিলেও ১০ গুণৰো অধিক মূল্য ইয়াৰ জৰিয়তে আদায় হ'ল হেঁতেন। কিন্তু তাকে নকৰি কোনো অসাধু পুঁজিপতিৰ লাভৰ লগতে চৰকাৰী নেতাৰ কমিছনৰ স্বাৰ্থত ধাৰ্য কৰা এই মূল্য দেখি প্ৰবঞ্চিত কৰ্মচাৰীসকলে চৰকাৰকেই ধিক্কাৰ দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in