বাইহাটা চাৰিআলিত উদ্ধাৰ গুৱাহাটীৰ পৰা চুৰি হোৱা গাড়ী

বাইহাটা চাৰিআলিত উদ্ধাৰ গুৱাহাটীৰ পৰা চুৰি হোৱা গাড়ী

ডিজিটেল সংবাদ, বাইহাটাঃ বাইহাটা চাৰিআলিত শুকুৰবাৰে উদ্ধাৰ গুৱাহাটীৰ পৰা চুৰি হোৱা হোৱা এখন গাড়ী। কমলপুৰ থানাৰ অন্তৰ্গত কেন্দুকোনাত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হয় হুণ্ডাই আই-২০ গাড়ী খন।

উল্লেখ্য যে, গুৱাহাটীৰ চিৰিয়াখানাৰ ওচৰৰ পৰা বন্ধুত্বৰ চলেৰে গাড়ীখন চুৰি কৰিছিল ছাহজাহান আলী নামৰ চোৰ এজনে। দেউতাকৰ অসুখ বুলি কৈ ছাহজাহানে গাড়ীখন নি দুদিনৰ পিচতে ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল । তাৰোপৰি ছাহজাহানে সকলো নথিপত্ৰৰ অ'ৰিজিনেল কপি সমূহো গাড়ীৰ স্বত্ত্বাধিকাৰিৰ হাতত জমা দি গৈছিল।

কিন্তু দুদিনৰ বাবে লৈ যোৱা গাড়ীখন এসপ্তাহৰ পিচতো ঘূৰাই নিদিয়াত গাড়ীখনৰ স্বত্বাধিকাৰে দিছপুৰ আৰক্ষী থানাত ৰুজু কৰিছিল এক গোচৰ। অৱশেষত প্ৰায় দুসপ্তাহৰ অন্তত কেন্দুকোনাত পৰিত্যক্ত অৱস্থাত কমলপুৰ আৰক্ষীয়ে গাড়ীখন উদ্ধাৰ কৰি দিছপুৰ আৰক্ষীক গটাই দিয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in