প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰে বৈঠকৰ পাছত চীনৰ মন্তব্যঃ আমি এক ইঞ্চি মাটিও এৰি নিদিওঁ…

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰে বৈঠকৰ পাছত চীনৰ মন্তব্যঃ আমি এক ইঞ্চি মাটিও এৰি নিদিওঁ…

ডিজিটেল ডেস্কঃ ভাৰত আৰু চীনৰ মাজত সীমা বিবাদক লৈ বৰ্তমানেও পৰিস্থিতি উন্নত হোৱা নাই। ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী ৱেই ফেঁগহীৰ মাজত ৰাছিয়াত এই সন্দৰ্ভত শুকুৰবাৰে দুঘন্টীয়া এক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকৰ পাছত চীনৰ তৰফৰ পৰা লাডাখত বৰ্তমান যি পৰিস্থিতি অব্যাহত আছে তাৰ বাবে সম্পূৰ্ণ ৰূপে ভাৰতে জগৰীয়া বুলি অভিযোগ উত্থাপন কৰে।

লগতে চীনৰ এক ইঞ্চি মাটিও এৰি দিয়া নহয় বুলি চীন চৰকাৰে মন্তব্য কৰে। দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী ফেঁগহীয়ে কয় যে, সীমা বিবাদক লৈ ভাৰত আৰু চীনৰ সম্পৰ্কৰ ওপৰত প্ৰভাৱ পৰিছে। সেয়ে এই সময়ত দুয়োখন দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে বৈঠকত বহাতো প্ৰয়োজনীয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in