চাকৰি হ’ব অসম বিশ্ববিদ্যালয়ত, সাক্ষাৎকাৰ কলকাতাৰ হোটেলত…

চাকৰি হ’ব অসম বিশ্ববিদ্যালয়ত, সাক্ষাৎকাৰ কলকাতাৰ হোটেলত…

ডিজিটেল সংবাদ, শিলচৰঃ শেহতীয়াকৈ অসমৰ খিলঞ্জীয়া শিক্ষাৰ্থীৰ বাবে উচ্চমান বিশিষ্ট শিক্ষা প্ৰদানৰ উদ্দেশ্যে প্ৰতিষ্ঠিত অসম বিশ্ববিদ্যালয়ক সম্পূৰ্ণৰূপে গ্ৰাস কৰিছে অসম বিৰোধী চক্ৰই। ৮ আগষ্ট, ২০১৯ত বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা বিজ্ঞাপন অনুসৰি, কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনৰ শিলচৰ আৰু ডিফু কেম্পাছত অধ্যাপক, সহকাৰী অধ্যাপক আৰু সহযোগী অধ্যাপকৰ ৪৪টা পদৰ বাবে গ্ৰহণ কৰা আৱেদন আৰু পৰৱৰ্তী সময়ত ইয়াৰ বাচনিৰ বাবে অনুষ্ঠিত হ'ব লগা সাক্ষাৎকাৰৰ নমুনাই স্পষ্ট কৰিছে এই কথা।

উল্লেখযোগ্য যে, ৮ আগষ্ট, ২০১৯ত প্ৰকাশিত বিজ্ঞাপনতএগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিঙৰ দুটা সহকাৰী অধ্যাপকৰ পদ, এটা এপ্লাইড চায়েঞ্চ এণ্ডহিউমিনিটীৰ পদ, এটা বায়'টেকনল'জী, দুটা বিজনেছ এডমিনিষ্ট্ৰেশ্যন, এটা কম্পিউটাৰচায়েঞ্চ, এটা কম্পিউটাৰ চায়েঞ্চ এণ্ড ইঞ্জিনিয়াৰিং, এটা কেমেষ্ট্ৰী, এটা আৰ্টচায়েঞ্চ, এটা ইক'নমিক্স, এটা ব'টানী, দুটা এডুকেশ্যন, এটা ইলেক্ট্ৰনিক এণ্ডকমিউনিকেশ্যন ইন ইঞ্জিনিয়াৰিং, ৩টা হিষ্টৰী, তিনিটা হস্পিতালিটী এণ্ড টুৰিজমমেনেজমেন্ট, তিনিটা ল', এটা লেংগুৱেষ্টিক, দুটা মাছ কমিউনিকেশ্যন, এটা মেথমেটিক,এটা ফাৰ্মাচিউটিকেল চায়েঞ্চ, এটা ষ্টেটিষ্টিক, এটা উৰ্দু, এটা ভিজুৱেল আৰ্টছ, দুটাঅসমীয়া আৰু দুটা হিন্দীকে ধৰি মুঠ ৪৪টা পদৰ বাবে আবেদন বিচৰা হৈছিল। সেই মৰ্মেঅসমৰ কেইবাহাজাৰ প্ৰাৰ্থীয়ে আবেদন কৰে এই পদসমূহৰ বাবে।

কিন্তু লক্ষণীয় যে, বিশ্ববিদ্যালয়খনে প্ৰকাশ কৰা উক্তজাননীত ৪০টা সহকাৰী অধ্যাপকৰ পদ শিলচৰ কেম্পাছৰ বাবে আৰু ৪টা ডিফু কেম্পাছৰ বাবেবুলি উল্লেখ কৰিলেও ইতিমধ্যে প্ৰচাৰিত খবৰ মতে, নিযুক্তিৰ পিছতে শিলচৰবিশ্ববিদ্যালয়ৰ পৰা ডিফুলৈ ইয়াৰে ২০ জনক বদলি কৰাৰ কৌশলপূৰ্ণ এক অভিপ্ৰায়েৰে উক্তজাননীযোগে আবেদন গ্ৰহণ কৰা হৈছিল।

ইফালে, আবেদন কৰা প্ৰাৰ্থীসকলক ভাগে ভাগে সাক্ষাৎকাৰলৈ নিমন্ত্ৰণ জনোৱা হৈছে যদিও, সাক্ষাৎকাৰৰ স্থান নিৰ্ধাৰণ কৰা হৈছে কলকতা আন্তৰ্জাতিক বিমান বন্দৰৰ সমীপস্থ হোটেল গেটৱে' ইন্টাৰনেশ্যনেলকে ধৰি অন্যান্য কেন্দ্ৰসমূহলৈ।

আনহাতে, অসমৰ শিক্ষানুষ্ঠানৰ অধ্যাপক পদৰ বাবে ৰাজ্যৰবাহিৰত সাক্ষাৎকাৰ অনুষ্ঠিত হোৱাৰ কোনো নজিৰ নাই। তদুপৰি আন ৰাজ্যৰ কোনোশিক্ষানুষ্ঠানৰ সাক্ষাৎকাৰো (সৰ্বভাৰতীয় শিক্ষানুষ্ঠানৰ বাহিৰে) অসমত অনুষ্ঠিতহোৱাৰ নজিৰ ৰাইজে কোনোদিন দেখা নাই। সেয়ে অতি স্বাভাৱিকতেই এই ঘটনা অসম বিৰোধীচক্ৰৰ দ্বাৰা সংঘটিত আৰু অসমৰ নিবনুৱাক বঞ্চিত কৰাৰ ষড়যন্ত্ৰ বুলি সকলোৱে গণ্যকৰিছে আৰু এই বিষয়ত ৰাজ্য চৰকাৰৰ লগতে বিশ্ববিদ্যালয়ৰ আচাৰ্য্যৰ হস্তক্ষেপ কামনাকৰি ১ অক্টোবৰৰ সাক্ষাৎকাৰ বাতিল কৰি অসমতে সাক্ষাৎকাৰৰ স্থান নিৰূপণ কৰিবলৈ দাবীজনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in