দুৰাৰোগ্য ব্লাড কেঞ্চাৰকো প্ৰত্যাহ্বান : চুমিৰ সফলতাত নিগৰিছে আনন্দৰ অশ্ৰু…

দুৰাৰোগ্য ব্লাড কেঞ্চাৰকো প্ৰত্যাহ্বান : চুমিৰ সফলতাত নিগৰিছে আনন্দৰ অশ্ৰু…

ডিজিটেল সংবাদ নাৰায়ণপুৰঃ নাৰায়ণপুৰৰ এখন ঘৰত আনন্দৰ মাজতে দুখৰ চকুলো।দুৰাৰোগ্য ব্লাড কেঞ্চাৰত আক্ৰান্ত হৈয়ো আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৪ টা বিষয়ত লেটাৰ মাৰ্কসহ সুক্ষাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে নাৰায়ণপুৰৰ চুমি বৰা।এই খবৰৰ পিছতে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী দোৰপাং বালিপুখুৰীৰ ঘৰখনত আনন্দ মুখৰ পৰিবেশ বিৰাজ কৰাৰ সমান্তৰালকৈ নিগৰিছে দুখৰ চকুলো।

বিগত ২ বছৰ ধৰি ব্লাড কেঞ্চাৰত আক্ৰান্ত হৈ থকা মেধাৱী ছাত্ৰীগৰাকী সুদীৰ্ঘ ৯ মাহ ধৰি গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাত থকাৰ মাজতে অৱতীৰ্ণ হ'ব লগা হৈছিল পৰীক্ষাত।বৰ্তমানেও নিজ গৃহতে চিকিৎসাধীন অৱস্থাত থকা চুমিৰ ফলাফলে সীমান্তৱৰ্ত্তী গাঁওখনৰ লগতে সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।

উল্লেখ্য যে, আনৰ ঘৰত আধিখেতি কৰি কোনোমতে পৰিয়াল পোহপাল দি অহা পিতৃ কুশ বৰা আৰু মাতৃ কুঞ্জ বৰাই ঘৰৰ গৰু-ছাগলি,গছ-গছনি বিক্ৰী কৰাৰ লগতে আনৰ পৰা ধন ধাৰলৈ আনি কন্যাৰ চিকিৎসা কৰিব লগা হৈছিল।বৰ্তমান স্বাস্থ্যৰ সামান্য উন্নতি হোৱা কন্যাৰ ফলাফল লাভ কৰি সুখৰ মাজতে দুখৰ চকুলো বৈছে ঘৰখনত।

ভোলাবৰী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা মেধাৱী ছাত্ৰী চুমিয়ে ৪ টা বিষয়ত লেটাৰ মাৰ্কসহ ৭৯ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে।এক কথাত ক'বলৈ গলে দৰিদ্ৰতাৰ লগতে দুৰাৰোগ্য ব্লাড কেঞ্চাৰক পৰাভূত কৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ'ল চুমি বৰা ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in