ভয়াৱহ দুৰ্ঘটনা! ট্ৰাকৰ সন্মুখেৰে পাৰ হৈ গ’ল বিমান… চাওঁক VIDEO

ভয়াৱহ দুৰ্ঘটনা! ট্ৰাকৰ সন্মুখেৰে পাৰ হৈ গ’ল বিমান… চাওঁক VIDEO

ডিজিটেল ডেস্কঃ কানাডাত দুৰ্ঘটনাত পতিত এখন ব্যক্তিগত বিমান। কানাডাৰ মাৰখমৰ বটনৱিলে বিমানবন্দৰৰ সমীপত মঙলবাৰে ভূপতিত হয় এখন সুৰ প্ৰাইভেট প্লেন। আৰু এই ঘটনাৰ দৃশ্য বন্দী হয় কেমেৰাত। বি জি ঘাইপথৰ মাজেৰে তীব্ৰ বেগত এখন বাহনৰ সন্মুখেৰে পাৰ হৈ যায় এই বিমানখন। ঘাইপথটোৰ সমীপৰ বিমান বন্দৰটোৰ পৰা উৰা মৰাৰ পাছতেই বিমানখন নিয়ন্ত্ৰণহীন হৈ বাহনৰ নিচেই কাষৰে পাৰ হৈ যায় আৰু দুৰ্ঘটনাত পতিত হয়। ছ'চিয়েল মিডিয়াত এই বিমানখনৰ দুৰ্ঘটনাৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে।

কানাডাৰ টোৰন্টো এলেকাত এজন ট্ৰাক চালকে এই সন্দৰ্ভত কয়- 'মই বহু সৌভাগ্যবান যে বিমানখনে ট্ৰাকখনৰ কাষেৰে পাৰ হৈ গ'ল যদিও, মোৰ ব বাহনখনৰ কোনো ক্ষয়ক্ষতি নহ'ল। পথত ময়ো তীব্ৰ বেগত বাহন চলাই আছিলো। তাৰপাছত হঠাৎ মোৰ সন্মুখেৰে বিমানখন পাৰ হৈ যায়।'

চাওঁক সেই বিমানখনৰ ভয়াৱহ ভিডিঅ'-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in