মৃতদেহৰ পৰা হয়নে কোৰোনা ভাইৰাছৰ সংক্ৰমণ…

মৃতদেহৰ পৰা হয়নে কোৰোনা ভাইৰাছৰ সংক্ৰমণ…

ডিম্পুল বৰগোহাঁই

কোৰোনাত আক্ৰান্ত হৈ এজন ৰোগী মৃত্যু হোৱাৰ পাছত সেই মৃতদেহৰ পৰা অন্য ব্যক্তিলৈ কোৰোনা ভাইৰাছ সংক্ৰমণ হ'ব পাৰেনে? কোৰোনাৰ ভয়াৱহতালৈ চাই সকলোৱে এটা কথাই প্ৰথমে অনুমান কৰিব যে, এটা মৃতদেহৰ পৰাও এগৰাকী সুস্থ ব্যক্তিৰ দেহলৈ কোৰোনা সংক্ৰমণ হ'ব পাৰে। বিভিন্ন দেশে এনে অনুমান কৰিয়ে কোৰোনা আক্ৰান্তৰ মৃতদেহ শেষকৃত্যৰ ক্ষেত্ৰত বিশেষ সৰ্তকতা পালন কৰাও দেখা গৈছে। কিন্তু সচাঁকৈয়ে এটা মৃতদেহৰ পৰা কোৰোনা সংক্ৰমণ হ'ব পাৰেনে?

কোৰোনাত আক্ৰান্ত মৃতদেহৰ পৰাও হ'ব পাৰে সংক্ৰমণ! ক'ত কৰা হৈছিল এই সন্দেহঃ

মৃতদেহৰ পৰাও হব পাৰে কোৰোনাৰ সংক্ৰমণ। এই কথা প্ৰথমে সন্দেহ কৰা হৈছিল থাইলেণ্ডত। ১৪ এপ্ৰিল,২০২০ত থাইলেণ্ডত এগৰাকী ফৰেনচিক বিশেষজ্ঞ কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছিল। বিজ্ঞানীসকলে সন্দেহ প্ৰকাশ কৰিছিল যে, বিশেষজ্ঞগৰাকীৰ দেহত কোৰোনাৰ সংক্ৰমণ হৈছিল এটা মৃতদেহৰ পৰা।

বিশেষজ্ঞগৰাকীৰ মৃত্যুৰ সময়ত থাইলেণ্ডত কোৰোনাত আক্ৰান্ত সংখ্যা আছিল ২৭২গৰাকী। আক্ৰান্ত সৰহভাগেই আছিল দেশৰ বাহিৰৰ পৰা অহা। বিশেষজ্ঞ গৰাকী প্ৰকৃততে মৃতদেহৰ পৰাই কোৰোনা সংক্ৰমণ হৈছিল নে নাই সেই বিষয়ে শেষলৈ সম্পূৰ্ণৰূপে নিশ্চিত কৰিব নোৱাৰিলে থাইলেণ্ডে। কিন্তু সেই পৰীক্ষাগাৰত যে কোৰোনা আক্ৰান্তৰ মৃতদেহ আছিল সেই কথা পিছলৈ দেশখনৰ বহুকেইখন স্বাস্থ্য বিষয়ক আলোচনীত প্ৰকাশ পাইছিল।

বিভিন্ন দেশত কোৰোনা আক্ৰান্তৰ মৃতদেহক লৈ কি ব্যৱস্থা গ্ৰহণ কৰা হৈছেঃ

কোৰোনা আৰম্ভ হোৱা চীনৰ বাহিৰত প্ৰথমজন কোৰোনা ৰোগী মৃত্যু হৈছিল ফিলিপিন্সত, লোকগৰাকীৰ বয়স আছিল ৪৪বছৰ। সেইসময়ত চীনত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা সংখ্যা আছিল ৩০৪গৰাকী আৰু আক্ৰান্ত ১৪হাজাৰো অধিক। চীনে কোৰোনা আক্ৰান্তৰ মৃতদেহ গাত খান্দি পুতি থোৱাৰ দৰেই ফিলিপিন্সতো একেই পদ্ধতিৰে মৃতদেহ পুতি থোৱা হৈছিল।

লাহে লাহে বিশ্বৰ বিভিন্ন দেশত আৰম্ভ হল কোৰোনাৰ ত্ৰাস। শতাধিকৰ পৰা হাজাৰ আৰু হাজাৰৰ পৰা লক্ষাধিক লোক কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ খবৰ আহিবলৈ ধৰিল। বিভিন্ন দেশে এই মৃতদেহ কেনেদৰে সৎকাৰ কৰা হব তাক লৈ ন ন নীতি-নিয়ম নিৰ্ধাৰণ কৰা হল।

মাজৰ পৰ্যায়ত কোৰোনাই সৰ্বাধিক ক্ষতিগ্ৰস্থ কৰা ইটালীত কোৰোনাত আক্ৰান্তৰ মৃতদেহৰ ক্ষেত্ৰত দুই পদ্ধতি অৱলম্বন কৰা হৈছিল। ইটালীৰ মুখ্য দুখন চহৰ, মিলান আৰু বাৰ্গাম'ত কবৰ দিয়া আৰু দাহ কৰা দুয়োটা পদ্ধতিৰে সৎকাৰ কৰা হৈছিল কোৰোনা আক্ৰান্তক। কিন্তু ইটালীৰ কিছু ৰাজ্যত গৰাকীবিহীন মৃতদেহ সৎকাৰ কৰাৰ অনুমতি প্ৰদান কৰা হোৱা নাছিল। ইটালীত অধিক সংখ্যক মৃতদেহ কবৰতে সমাধিস্থ কৰা হৈছিল। পৃথককৈ কোনো শশ্মানৰ ব্যৱস্থা নকৰি সকলোৱে সাৱধানতাৰে মৃতদেহসমূহৰ শেষকৃত্য সম্প্ন্ন কৰিছিল।

আমেৰিকাত এনেকৈয়ে কৰা হৈছে ব্যৱস্থা

কোৰোনাই সৰ্বাধিক ক্ষতিগ্ৰস্থ কৰা আমেৰিকাতো আক্ৰান্তৰ মৃতদেহ সৎকাৰ দুটা পদ্ধতিৰে কৰা হৈছে, কবৰ দিয়া আৰু সৎকাৰ কৰা। আমেৰিকাৰ কেইবাটাও সংস্থাই মৃতদেহসমূহ শেষকৃত্য সম্পন্ন কৰাৰ কামত দিনে-ৰাতিয়ে কাম কৰি আছে। কিছুদিনৰ আগতে এই কামত ব্যস্ত এগৰাকী যুৱতীয়ে আন্তৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ এক সাক্ষাতকাৰত কৈছিল যে, তেওঁলোকে মাৰ্চমাহৰ মাজৰ ভাগত বিগত কেইবাদিনো ঘৰলৈ যাবলৈ আহৰি পোৱা নাছিল।

কোৰোনাৰ ত্ৰাস বৃদ্ধি পোৱা ব্ৰাজিলত কোৰোনাত মৃত্যু হোৱাৰ লোকৰ মৃতদেহ ৰাখিবলৈ কফিনৰ অভাৱ হৈছে বুলি লেটিন আমেৰিকাৰ 'aljazeera'ত প্ৰকাশ পাইছে। আক্ৰান্তৰ তালিকাত আমেৰিকাৰ পিছতে স্থান থকা ব্ৰাজিলত বৰ্তমানলৈ ৫লাখৰো অধিক লোক আক্ৰান্ত হৈছে। প্ৰায় ৩০হাজাৰ লোক মৃত্যু হোৱা ব্ৰাজিলত কোৰোনা আক্ৰান্তৰ শেষকৃত্যত উপস্থিত থাকিবলৈ দিয়া হৈছে পৰিয়ালৰ লোকক।

ব্ৰাজিলৰ শেহতীয়া পৰিস্থিতি

মৃতদেহ শেষকৃত্যত স্পেইনত বিভিন্ন কৰ্মচাৰী নিয়োগ কৰিছে চৰকাৰে। মাস্ক, হাতমোজাৰ দৰে প্ৰতিৰোধক ব্যৱহাৰ কৰি মৃতদেহ শেষকৃত্যৰ বাবে কৰ্মচাৰী নিয়োগ কৰা হৈছে স্পেইনত। চি এন এন নিউজত প্ৰকাশিত খবৰ অনুসৰি, স্পেইনৰ La Almudena সমাধিস্থলীত প্ৰতি ১৫ মিনিটৰ মুৰে মুৰে একোজনকৈ লোকক কিছুদিনৰ আগলৈকে কবৰ দিয়া হৈছিল।

ভাৰতত কোৰোনা আক্ৰান্তৰ মৃতদেহক লৈ কি ব্যৱস্থা গ্ৰহণ কৰা হৈছেঃ

ভাৰতত বৰ্তমান কোৰোনাত আক্ৰান্ত প্ৰায় ২লাখ লোক। ইয়াৰে ৫ হাজাৰো অধিক লোকৰ মৃত্যু হৈছে। কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকসকলৰ শেষকৃত্য কবৰ দিয়া আৰু দাহ দিয়া দুয়োটা প্ৰক্ৰিয়াৰে কৰা হৈছে ভাৰতত।

কোৰোনাত আক্ৰান্ত মৃতদেহৰ পৰা ভাইৰাছ সংক্ৰমণ হয়নে নহয় সেইকথাত ভাৰতো বৰ্তমান পৰিস্থিতিত নিশ্চিত হব পৰা নাই। সেয়েহে যোৱা ১৫ মাৰ্চ২০২০ত কেন্দ্ৰীয় স্বাস্থ্য পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে কোৰোনাৰ আক্ৰান্তৰ মৃতদেহৰ ক্ষেত্ৰত লব লগা সাৱধানতাৰ সন্দৰ্ভত কিছু পৰামৰ্শ প্ৰকাশ কৰিছিল।

স্বাস্থ্য মন্ত্ৰণালয়ে এই পৰামৰ্শৱলীত প্ৰথমেই প্ৰকাশ কৰিছে যে, মাৰ্চ মাহৰ ১৫ তাৰিখে ভাৰতত লেবৰটৰীত কৰ্মৰত ১০০গৰাকী লোক কোৰোনাত আক্ৰান্ত হৈছে(যিটো বৰ্তমান সময়ত হব সহস্ৰাধিক)। গতিকে বিভিন্ন মৃতদেহক লৈ কিছু সৰ্তকতা পালনৰ পৰামৰ্শ প্ৰদান কৰিছিল এই পৰামৰ্শৱলীত।

মৃতদেহৰ পৰা কোৰোনাৰ সংক্ৰমণৰ ক্ষেত্ৰত স্পষ্টকৈ কোনো কথা উল্লেখ নকৰিলেও ৭ পৃ্ষ্ঠাজোৰা এই পৰামৰ্শৱলীত মৃতদেহক লৈ পালন কৰিবলগীয়া সকলো সজাগতাৰ বিৱৰণ দিয়া হৈছে। মৃতদেহ শেষকৃত্য সম্পন্ন কৰাৰ ক্ষেত্ৰত কোৱা হৈছে যে, এই কাৰ্যত জড়িত থকা সকলো লোক সাৱধানতা অৱলম্বন কৰা কৰক। এটা মৃতদেহ যেতিয়া বেগত সোমাৱাই থোৱা হয়, সেইসময়ত কোনো বিপদ নাই যদিও পিছৰ পৰ্যায়ত কোনো সংক্ৰমণ হোৱাৰো আশাংকা কৰা হৈছে।

আহমেদাবাদত এনেকৈয়ে কৰা হৈছে শেষকৃত্য

কেন্দ্ৰই স্পষ্টকৈ উ্ল্লেখ কৰিছে যে, সমাধিস্থলীত বহুলোক গোট নোখোৱাতোৱে মংগল। কিয়নো সেই সময়ত লোকজনৰ পৰিয়ালৰ কোনো সদস্যৰ দেহতো কোৰোনা ভাইৰাছৰ অৱস্থিতি থাকিব পাৰে। গতিকে হঠাতে হোৱা অসাৱধনাতাই বিপদত পেলাব পাৰে উপস্থিত সকলো লোককে।

ইয়াৰ উপৰিও মৃতদেহক সাৱটি ধৰা, চুম্বন কৰ ইত্যাদি কামবোৰৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে ভাৰতত কোৰোনা আক্ৰান্তৰ শেষকৃত্যত পৰিয়ালৰ লোকক ভাগ লবলৈ দিয়া হোৱা নাই। প্ৰশাসনৰ লোককে সকলো কাম সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

কোৰোনা আক্ৰান্তৰ মৃতদেহ সৎকাৰৰ বাবে অসমত আছুতীয়া শ্মশান-কৱৰস্থান ব্যৱস্থাৰ নিৰ্দেশঃ

অসমত কোৰোনাত আক্ৰান্ত হৈ এতিয়ালৈকে ৪গৰাকী লোকৰহে মৃত্যু হৈছে। কিন্তু বিভিন্ন দেশত কোৰোনাৰ ভয়াৱহতা দেখি আগতীয়াকৈ স্বাস্থ্যমন্ত্ৰীয়ে অসমৰ প্ৰতিখন জিলাতেই জিলা উপায়ুক্তসকলক কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ বাবে আছুতীয়া স্থানত শ্মশান, কবৰ স্থান আদিৰ ব্যৱস্থা কৰিবলৈ দিছে।

শেহতীয়াকৈ কোভিড-১৯ত আক্ৰান্ত হোৱা ৰোগীৰ অন্ত্যেষ্টিক্ৰিয়াক লৈ সৃষ্টি হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি ২০মে,২০২০ত জিলা উপায়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিংযোগে হোৱা বৈঠকত এই পদক্ষেপ গ্ৰহণ কৰিবলৈ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। তেওঁ লগতে স্পষ্ট কৰি দিয়ে যে, এই সন্দৰ্ভত পূৰ্বেই তেওঁ উপায়ুক্তসকলক নিৰ্দেশ প্ৰদান কৰিছিল।

অসমৰ বিভিন্ন জিলাত পৃথক শ্মশান-কৱৰস্থানৰ ব্যৱস্থা কৰা হৈছেনেঃ

অসমত এই পৰ্যন্ত কোৰোনাই অধিক ভয়াৱহ ৰূপ ধাৰণ কৰা নাই যদিও স্বাস্থ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে পৃথক শশ্মানৰ ক্ষেত্ৰত বিভিন্ন জিলাত কেনে ব্যৱস্থা গ্ৰহণ কৰিছে। বিভিন্ন জিলাত প্ৰশাসনে পৃথক স্থান নিৰ্বাচন কৰিছে যদিও জনগণক বৰ্তমানলৈ অৱগত নকৰোৱাৰ কথা ব্যক্ত কৰে। অসমৰ কেইবাখনো জিলাত আমাৰ সংবাদদাতাই এই বিষযৰ সন্দৰ্ভত জিলা প্ৰশাসনৰ সৈতে কথা পাতিছিল।

অসমৰ কোনখন শশ্মানত প্ৰথম কোৰোনা ৰোগীক কৰা হৈছিল সৎকাৰ, সৃষ্টি হৈছিল কেনে প্ৰতিক্ৰিয়াৰঃ

গুৱাহাটীৰ মহানগৰীৰ ভুতনাথ শশ্মানত শেষকৃত্য সম্পন্ন কৰা হৈছিল কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা এগৰাকী যুৱতীৰ। ১৬বছৰীয়া যুৱতীগৰাকী মৃত্যুৰ পাছতহে গম পোৱা হৈছিল যে, তেওঁৰ দেহত আছিল কোৰোনাৰ অৱস্থিতি।

কোৰোনাৰ সংক্ৰমণৰ কথা সৎকাৰ কৰা এটা দিনৰ পাঠতহে পোহৰলৈ আহিছিল। প্ৰথমে অন্যৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি যুৱতীগৰাকীক সৎকাৰ কৰা হল যদিও পাছত এই কথা গম পোৱাৰ পাছত হাহাকাৰ লাগিছিল।

গুৱাহাটীৰ ভুতনাথ

সৎকাৰৰ সময়ত উপস্থিত থকা ভুতনাথৰ ৫গৰাকী কৰ্মী আৰু তেওঁৰ পৰিয়ালক ১৪দিনৰ কোৱাৰেন্টাইন থাকিবলৈ নিৰ্দেশ দিয়া হৈছিল। অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণে এই সন্দৰ্ভত জানিবৰ বাবে উপস্থিত হৈছিল ভুতনাথ। শশ্মানখনৰ কৰ্তৃপক্ষই জনোৱা মতে, কোৱাৰেন্টাইনত থকা কাৰোৰে দেহত শেষত ধৰা পৰা নাছিল কোৰোনাৰ লক্ষণ।

তেওঁলোকে লগতে জানিবলৈ দিয়ে যে, এই ঘটনাৰ পাছতে জিলা প্ৰশাসনে তেওঁলোকক কোৰোনাৰ আক্ৰান্ত মৃতদেহৰ ক্ষেত্ৰত কেনে সাৱধানতা লব লাগে তাৰ সন্দৰ্ভত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰালয়ে জাৰি কৰা পৰামৰ্শৱলীখন তেওঁলোকক দিছিল গৈ।

শশ্মান কৰ্তৃপক্ষক দিয়া হৈছে চৰকাৰৰ গাইডলাইন,

এই যুৱতীগৰাকীৰ মৃত্যুৰ পাছতে গুৱাহাটীত কোৰোনাত আক্ৰান্ত আৰু এগৰাকী লোক শশ্মানলৈ লৈ যোৱা হৈছিল যদিও তেওঁক তাত সৎকাৰ কৰিবলৈ দিয়া নহল।

চৰকাৰে শশ্মান কৰ্তৃপক্ষক কোৰোনা আক্ৰান্তৰ মৃতদেহ সৎকাৰ নকৰিবলৈও দিয়া নাই নিৰ্দেশঃ

অসমত আছুতীয়া আছুতীয়া শ্মশান-কৱৰস্থান ব্যৱস্থাৰ নিৰ্দেশ দিলেও স্থায়ী কবৰস্থান বা শশ্মান কৰ্তৃপক্ষক কোৰোনা আক্ৰান্তৰ মৃতদেহ সৎকাৰ নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে নেকি, সেইকথা জানিবলৈ আমি মহানগৰীৰ দুখন সমাধিস্থলী নৱগ্ৰহ আৰু ভুতনাথক পৰিচালনা কমিটিক লগ ধৰিছিলো।

তেওঁলোকে জনায় যে, তেওঁলোকক এই বিষয়ৰ সন্দৰ্ভত স্পষ্টকৈ কোনো কথা কোৱা নাই। তথাপিও তেওঁলোকে শেহতীয়াকৈ কোৰোনা আক্ৰান্তৰ মৃতদেহ সৎকাৰ কৰাৰ পৰা বিৰত আছে। তেওঁলোকে এতিয়া ডাক্তৰৰ ৰিৰ্পট চাইহে সৎকাৰৰ পৰামৰ্শ প্ৰদান কৰে।

মৃত্যুৰ প্ৰমাণপত্ৰ দিলেহে নৱগ্ৰহত দিয়া হয় সৎকাৰৰ অনুমতি

তেওঁলোকে ক্ষোভেৰে কয় যে, চৰকাৰে নিৰ্দেশ দিলেও আমি কোৰোনাৰ মৃতদেহ সৎকাৰ নকৰো। কিয়নো আজিলৈকে তেওঁলোকে শশ্মানৰ কোনো কৰ্মীকে প্ৰতিৰোধমূলক সামগ্ৰী আনকি এটা চেনিটাইজাৰো যোগান ধৰা নাই।

কোৰোনাক লৈ বিশ্ব অন্য প্ৰান্তত পৃথক সমাধিস্থলৰ ব্যৱস্থা কৰা হৈছেনেঃ

ভাৰতবৰ্ষত কোৰোনা আক্ৰান্তৰ মৃতদেহ সৎকাৰৰ বাবে সৰহসংখ্যক ৰাজ্যতেই কৰা হোৱ নাই পৃথক সমাধিস্থলৰ ব্যৱস্থা। অৱশ্যে বহুকেইখন ৰাজ্যত মৃতদেহ শেষকৃত্য কেনেকৈ হব তাক লৈ নিয়মৰ কিছু পাৰ্থক্য আছে। উদাহৰণ স্বৰূপে, মহাৰাষ্ট্ৰত শেষকৃত্যু অনুষ্ঠানত ৫গৰাকী লোককহে অংশ লবলৈ দিয়া হৈছে কিন্তু অসমৰ ক্ষেত্ৰত তেনে নহয়।

ভাৰতৰ বাহিৰে অন্য দেশবোৰত পৃথক সমাধিস্থলৰ ব্যৱস্থা সেইবোৰ দেশত কৰা হৈছে যিবোৰ দেশত মৃত্যুৰ সংখ্যা খুবেই বেছি আছিল। চীনত এই ব্যৱস্থা কৰা হৈছিল বুলি বিভিন্ন সংবাদ মাধ্যমত চৰ্চা হৈছিল যদিও, ৫হাজাৰো কম লোকৰ মৃত্যু হোৱা চীনৰ ওপৰত এই বিষয়ক লৈ সন্দেহৰ অৱকাশ আছে।

ইটালী, আমেৰিকা, স্পেইন, ব্ৰাজিল, ইংলেণ্ড, ফান্সৰ দৰে দেশত পৃথক সমাধিস্থলৰ ব্যৱস্থা কৰাটো স্বাভাৱিক। কিয়নো হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে এই দেশসমূহত। ইয়াৰ বাহিৰে যিবোৰ দেশত মৃতকৰ সংখ্যা কম, তেনে দেশত এই ব্যৱস্থা গ্ৰহণ কৰাৰ তথ্য আমি নাপালো।

কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ মৃতদেহক লৈ কেইবাখনো দেশত ভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ধৰ্মীয় ৰীতি-নীতিৰে আপোনজনক বিদায় দিব নোৱাৰাত দুখত তুৰ্কী, ইজৰাইলত যথেষ্ট লোক দুথ ব্যক্ত কৰাও পৰিলক্ষিত হৈছে। কিন্ত ভয় এটাই, যদিহে মৃতদেহৰ পৰা কোৰোনা সংক্ৰমণ হয়! সঁচাকৈয়ে হয়নে মৃতদেহৰ পৰা সংক্ৰমণ..

সঁচাকৈয়ে হয়নে মৃতদেহৰ পৰা সংক্ৰমণঃ

কোৰোনাৰ আক্ৰান্তৰ মৃতদেহৰ পৰা ভাইৰাছ সংক্ৰমণ হব পাৰনে নোৱাৰে তাক লৈ ICMRয়ে মাৰ্চ মাহতে এক ঘোষণা কৰিছিল। তেওঁলোকে কৈছিল যে, যদিহে কোৰোনাত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হয়, তাৰ পিছত সেই মৃতদেহৰ পৰা কোৰোনাৰ প্ৰকোপ লাহে লাহে হ্ৰাস পাবলৈ ধৰে। কিন্তু কোৰোনাত আক্ৰান্ত এটা মৃতদেহৰ পৰা যে, অতি সোনকালেই কোৰোনাৰ প্ৰকোপ শেষ হৈ নাযায়। এই কাৰনৰ বাবেই আই চি এম আৰে কোৰোনা আক্ৰান্তৰ মৃতদেহৰ ক্ষেত্ৰত সকলো লোককে সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছিল।

যদিও আই চি এম আৰে এই ঘোষণা কৰিছিল, বিশ্ব স্বাস্থ্য সংস্থাই কিন্তু এই বিষয়ত আই চি এম আৰ সম্পূৰ্ণ বিপৰীত মন্তব্য কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাই স্পষ্টৰূপত কৈছে যে, মৃতদেহৰ পৰা কোৰোনা ভাইৰাছ সংক্ৰমণ হোৱাৰ কোনো অৱকাশ নাই।

বিশ্ব স্বাস্থ্য সংস্থাই লগতে এইবুলিও কৈছে যে, ইবলা, মাৰবৰ্গ, কলেৰাৰ দৰে বীজাণু মৃতদেহৰ পৰা সংক্ৰমণ হব পাৰে, তাৰ বাহিৰে অন্য কোনো বীজাণু মৃতদেহৰ পৰা সংক্ৰমণ হোৱাৰ অৱকাশ নাই।ইনফ্লুয়েঞ্জাত মৃত্যু হোৱা ৰোগীৰ মৃতদেহৰ পৰাও বীজাণু সংক্ৰমণ হোৱাৰ সম্ভাৱনা থকাৰ কথা ব্যক্ত কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই।

কোৰোনাৰ মৃতদেহৰ পৰা ভাইৰাছ সংক্ৰমণৰ অৱকাশ নাই বুলি উল্লেখ কৰি বিশ্ব স্বাস্থ্য সংস্থাই কয়, বিশ্বত ২৪ মে'ৰ লৈকে কোনো এখন দেশেই মৃতদেহৰ পৰা কোৰোনা সংক্ৰমণ হোৱাৰ কোনো উচিত প্ৰমাণ দিব পৰা নাই। বিশ্ব স্বাস্থ্য সংস্থাই কোৰোনাৰ মৃতদেহ ৰখা ঠাইতো ভাইৰাছ সংক্ৰমণ হব নোৱাৰে বুলি ঘোষণা কৰিছে।

বিশ্ব স্বাস্থ্য সংস্থাই লগতে এই শংকাও কৰিছে যে, একেৰাহে বহুদিন মৃতদেহৰ সৈতে থকা লোকৰ দেহলৈ ভাইৰাছ সংক্ৰমণ হোৱাৰ অৱকাশ নথকাও নহয়। এনেদৰে মৃতদেহৰ পৰা সংক্ৰমণ হৈছিল হেপাটাইটিছ বি, চিৰ লগকে এইচ আই ভিৰ দৰে ভাইৰাছ।

মৃতদেহৰ পৰা কোৰোনা সংক্ৰমণ নহলেও সকলোকে সজাগ হৈ থকাটো প্ৰয়োজন। এই কথা আমাক জনালে চিকিৎসক নৱনীল বৰুৱাইও। তেওঁ জনালে, কোৰোনাত আক্ৰান্ত এগৰাকী ব্যক্তি মৃত্যু হলেই লগে লগে কোৰোনা ভাইৰাছৰ মৃত্যু নহয়। গতিকে সাৱধানতা অৱলম্বন কৰাটো জৰুৰী।

কোৰোনাক লৈ এতিয়া এনেদৰেই ভিন্ন জনৰ ভিন্নমত। কোৰোনাৰ সম্পূৰ্ণ তথ্য কাৰোৰে হাতত বৰ্তমান নাই। তথাপিও বিশ্ব স্বাস্থ্যৰ দৰে এটা বৃহৎ অনুষ্ঠানৰ দাবী সহজতে নুই কৰিবও নোৱাৰি, কিয়নো বিশ্ব বহু মহামাৰীৰ প্ৰত্যক্ষ সাক্ষী বিশ্ব স্বাস্থ্য সংস্থা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in