কিমান সুৰক্ষিত ইভিএম? ছাইবাৰ বিশেষজ্ঞৰ দাবী- ২০১৪ত হেক হৈছিল ইভিএম

কিমান সুৰক্ষিত ইভিএম? ছাইবাৰ বিশেষজ্ঞৰ দাবী- ২০১৪ত হেক হৈছিল ইভিএম

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে পুনৰ এবাৰ বিতৰ্কৰ মাজত সোমাই পৰিছে ইলেক্ট্ৰনিক ভোটিং মেচিন অৰ্থাৎ ইভিএম। ইভিএমৰ জৰিয়তে নিৰ্বাচন অনুষ্ঠিত কৰাটো সুৰক্ষিত নহয় বুলি চলি অহা বিতৰ্কৰ সময়তে এইবাৰ লণ্ডনত বাস কৰা এগৰাকী ভাৰতীয় মূলৰ ছাইবাৰ বিশেষজ্ঞই ইভিএম হেক কৰাৰ দাবী কৰিছে। তেওঁ দাবী কৰা মতে ২০১৪ চনৰ লোকসভা নিৰ্বাচনতো ইভিএম হেক কৰা হৈছিল। অৱশ্যে চাইবাৰ বিশেষজ্ঞগৰাকীৰ এই দাবী মানি ল'বলৈ অস্বীকাৰ কৰিছে নিৰ্বাচনী আয়োগে।

নিৰ্বাচনী আয়োগৰ মতে প্ৰতিটো ইভিএমৰ পৃথক পৃথক ক্ৰমিক নম্বৰ থাকে, যাৰ দ্বাৰা ট্ৰেকিং ছফটৱেৰ ব্যৱহাৰ কৰি মেচিনৰ স্থান জানিব পৰা যায়। এই কাৰণেই ইভিএম হেক কৰাটো অসম্ভৱ। কিন্তু নিৰ্বাচনী আয়োগৰ এই দাবীৰ বিপৰীতে এগৰাকী চাইবাৰ বিশেষকজ্ঞই কৰা দাবীয়ে এতিয়া প্ৰশ্নৰ উত্থাপন কৰিছে যে প্ৰকৃততে ইভিএম মেচিন হেক কৰা সম্ভৱ নে?

নিৰ্বাচনী আয়োগৰ মতে, যেতিয়াই এটা ইভিএম কোনো লোকে খোলাৰ চেষ্টা কৰে তেতিয়াই সি নিষ্ক্ৰিয় হৈ পৰে। ইভিএম দুটা ভাগেৰে নিৰ্মাণ কৰা হৈছে। এটা অংশ বেলটিং ইউনিটৰ, যিটো ভোটদাতাসকলে ব্যৱহাৰ কৰে। আৰু আনটো অংশ কন্ট্ৰ'ল ইউনিট, যিটো প'লিং বিষয়াই ব্যৱহাৰ কৰে। এই দুয়োটা অংশই এডাল ৫ মিটাৰ দৈৰ্ঘ্যৰ তাঁৰৰ সৈতে সংযুক্ত হৈ থাকে। নিৰ্বাচনী আয়োগে দাবী কৰা মতে, মেচিনৰ ভিতৰত বেলট ইউনিট এনেদৰে স্থাপন কৰা হৈছে, যাতে কোনো ভোট দাতাই ভোটদানৰ সময়ত সেয়া দেখা নাপায়।

এটা ইভিএমত ৬৪ জনকৈ নিৰ্বাচনী প্ৰাৰ্থীৰ প্ৰতীক সংযুক্ত কৰিব পাৰি। যদি প্ৰাৰ্থী ইয়াতকৈ অধিক হয়, তেতিয়া নিৰ্বাচনী আয়োগে কাগজৰ বেলট ব্যৱহাৰ কৰে। ভোট দাতাসকলৰ অংশত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীসকলৰ নাম আৰু ক্ৰমিক নম্বৰ লিখা থাকে। সাধাৰণতে প্ৰাৰ্থীৰ নাম অঞ্চলৰ স্থানীয় ভাষাৰে লিখা থাকে যদিও কেতিয়াবা হিন্দী বা ইংৰাজীতো লিখা থাকে। নামৰ সৈতে প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰতীকো উল্লেখ থাকে। ইভিএমৰ একেবাৰে তলৰ ফালে থকা চুইচটো 'নোটা' ভোটৰ বাবে। অৰ্থাৎ যদি কোনো ভোট দাতাই নিজৰ পচন্দৰ প্ৰাৰ্থী বিচাৰি নাপায় বা ভোট দিব নিবিচাৰে তেতিয়া তেওঁ নোটা ভোট দান কৰি নিজৰ অনিচ্ছা প্ৰকাশ কৰিব পাৰে।

নিৰ্বাচনী আয়োগৰ মতে, ভোটদানৰ পূৰ্বে আৰু পিছত প্ৰতিটো ইভিএম কটকটীয়া নিৰাপত্তাৰে ৰখা হয়। ভোট দান সম্পূৰ্ণ হোৱাৰ পিছত মেচিন ছীল বন্ধ অৱস্থাত ৰখা হয়। মেচিনটো এখন বিশেষভাৱে নিৰ্মিত কাগজেৰে চীল কৰা হয় আৰু ইয়াৰ ওপৰত এক নম্বৰ লিখা থাকে, যিয়ে ইভিএমৰ চিনাক্ত কৰে।

মেচিনৰ শেষৰ ফালে এটা ছেদ থাকে। ভোট দান সম্পূৰ্ণ হোৱাৰ পিছত সূতাৰে সেই বিন্ধাটো বন্ধ কৰা হয়। ইয়াৰ পিছত পিতলৰ ছীলেৰে মেছিনটো ছীল কৰা হয়। অৱশেষত বিশেষ নিৰাপত্তা বেষ্টনীৰ মাজেৰে ভোট কেন্দ্ৰৰ পৰা তাক ভোট গণনা কেন্দ্ৰলৈ লৈ অনা হয়।

উল্লেখ্য যে, ২০০৪ চনত প্ৰথম বাৰৰ বাবে ভাৰতীয় নাগৰিকে সাধাৰণ নিৰ্বাচনত ইভিএম মেচিনৰ জৰিয়তে ভোটদান সাব্যস্ত কৰিছিল। প্ৰত্যেকটো ইভিএমৰ ভিতৰত এটা ৬ ভল্টযুক্ত অল্কলাইন বেটেৰী থাকে। আনহাতে ইভিএমৰ ভিতৰত ১০ বছৰ পৰ্যন্ত ফলাফল সংৰক্ষণ কৰি ৰাখিব পৰাৰ ব্যৱস্থা আছে।

ভোট গণনা কেন্দ্ৰত ভোট গণনাৰ সময়ত ১৪ খন গাণনিক আসন প্ৰস্তুত কৰা হয়। এই ১৪ আসনত একে সময়ত ১৪ টা ইভিএমৰ ভোট গণনা কৰা হয়। ভোট গণনাৰ পূৰ্বে ইভিএমৰ সক্ৰিয়তা, নিষ্ক্ৰিয়তা পৰীক্ষা কৰা হয়। পৰীক্ষা সম্পূৰ্ণ হোৱাৰ আধা ঘন্টা পিছত ইভিএমৰ ভোট গণনা কৰা হয়। প্ৰতিটো ৰাউণ্ডৰ ভোট গণনাৰ পিছত ২ মিনিট সময় বিৰতি দিয়া হয় যাতে গণনা সম্পূৰ্ণ হোৱা ভোটৰ পুনৰ গণনা কৰা হয়।

ভোট গণনা সম্পূৰ্ণ হোৱাৰ পিছত ৰিটাৰ্ণিং বিষয়াই প্ৰথমে নিৰ্বাচনী আয়োগক ফলাফল প্ৰদান কৰে। তাৰ পিছতে সেই ফলাফল জনতাৰ সন্মুখত প্ৰকাশ কৰা হয়। সাধাৰণতে পুৱা ৮ বজাৰ পৰা গণনা সম্পূৰ্ণ নোহোৱা পৰ্যন্ত ভোট গণনা চলি থাকে। আনহাতে ভোট গণনাৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি গণনা কেন্দ্ৰ সমূহত অনবৰতে কটকটীয়া নিৰাপত্তা মজুত থাকে।

লক্ষণীয় কথাটো হ'ল ইভিএম নিৰ্বাচনৰ বাবে সুৰক্ষিত আৰু ইয়াক কোনেও হেক কৰিব নোৱাৰে বুলি নিৰ্বাচনী আয়োগে দাবী কৰিলেও প্ৰায়ে এই ইভিএমক লৈ বিতৰ্কৰ সৃষ্টি হৈ আহিছে। শেহতীয়াকৈ ২০১৯ৰ লোকসভা নিৰ্বাচনত নিৰ্বাচনী আয়োগে ইভিএম ব্যৱহাৰ কৰাৰ কথা ঘোষণা কৰাৰ পিছতে কংগ্ৰেছকে ধৰি বহু বিৰোধী দলৰ নেতাই ইয়াৰ বিৰোধিতা কৰি ইভিএমৰ বিপৰীতে ভিভিপিএটি মেছিন অথৱা বেলট পেপাৰ ব্যৱহাৰ কৰাৰ দাবী উত্থাপন কৰিছে।

আনহাতে লণ্ডনবাসী ভাৰতীয় মূলৰ চাইবাৰ হেকাৰে ইভিএম মেচিন হেক কৰিব পাৰি বুলি দাবী কৰাৰ পিছতে এই মেচিনক লৈ সন্দেহ বৃদ্ধি পাইছে। যদি ইভিএম মেচিন সঁচাকৈয়ে হেক কৰিব পাৰি, তেন্তে জনতাই নিবিচৰা এজন প্ৰাৰ্থীয়েও জয়লাভ কৰি ক্ষমতাৰ অপপ্ৰয়োগ কৰিবলৈ সক্ষম হ'ব বুলি সচেতন মহলে মত ব্যক্ত কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in