লকডাউনত চাকৰি-প্ৰেয়সী একেলগে গ’লঃ অৱশেষত ফোনত প্ৰধানমন্ত্ৰীক হত্যা কৰাৰ ভাবুকি দিলে যুৱকে…

লকডাউনত চাকৰি-প্ৰেয়সী একেলগে গ’লঃ  অৱশেষত ফোনত প্ৰধানমন্ত্ৰীক হত্যা কৰাৰ ভাবুকি দিলে যুৱকে…

ডিজিটেল ডেস্কঃ এগৰাকী যুৱকে ১১২ত ফোন কৰি কলে যে, আগন্তুক ১ঘন্টাৰ ভিতৰত তেওঁ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক গুলীয়াই হত্যা কৰিব। আৰক্ষীৰ কন্ট্ৰল ৰূমত এই ফোন পোৱাৰ লগে লগে হাহাকাৰ লাগিল। লক্ষ্ণৌৰ পৰা এই খবৰ নয়দা আৰক্ষীলৈ প্ৰেৰণ কৰ হল।

নয়দা আৰক্ষীয়ে লগে লগে তদন্ত আৰম্ভ কৰি এই ফোন কৰা হৰভজন সিঙক গ্ৰেপ্তাৰ কৰে। ৩৩বছৰীয়া এই যুৱকগৰাকীক গ্ৰেপ্তাৰ কৰাৰ সময়ত তেওঁ নিচাসক্ত হৈ আছিল। আৰক্ষীলৈ ফোন কৰি বহু অশ্লীল শব্দ প্ৰয়োগ কৰি প্ৰধানমন্ত্ৰী গালি দিছিল যুৱকজনে।

আৰক্ষীয়ে সংবাদমাধ্যমক অৱগত কৰা মতে, যুৱকগৰাকীৰ ঘৰ হাৰিয়ানা যমুনানগৰত। আৰক্ষীয়ে যুৱকজনক কিয় এনেদৰে ফোন কৰিছিল বুলি সোধাত তেওঁ কয়, তেও এটা কল চেন্টাৰত কাম কৰিছিল। লকডাউনৰ সময়ত তেওঁৰ চাকৰি লগতে প্ৰেয়সীয়েও এৰি গল। যাৰ ফলত তেওঁ তীব্ৰ অশান্তিত প্ৰধানমন্ত্ৰীকে ইয়াৰ বাবে জগৰীয়া বুলি ভাৱি ফোন কৰি এনেকৈ কৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in