আচৰিত! এগৰাকী যুৱতীয়ে সপোনতে গিলিলে নিজৰ বিয়াৰ আঙুঠি…

আচৰিত! এগৰাকী যুৱতীয়ে সপোনতে গিলিলে নিজৰ বিয়াৰ আঙুঠি…

ডিজিটেল ডেস্কঃ নিজৰ বিয়াক লৈ কোন ব্যক্তিৰনো উৎসুকতা নাথাকে, সকলোৰে থাকে। বিয়াৰ দিন ওচৰ চপাৰ লগে লগে এজন জীৱন সংগীৰ সৈতে এটা নতুন জীৱন আৰম্ভ কৰা কল্পনাত সকলো হৈ থাকে বিভূৰ। কিন্তু কল্পনাৰ দেশত থাকি শেহতীয়াকৈ এগৰাকীৰ যুৱতীৰ কাণ্ডই চৰ্চা লাভ কৰিছে সমগ্ৰ বিশ্বত।

ঘটনাচতো সংঘটিত হৈছে কেলিফৰ্ণিয়াত। ২৯ বছৰীয়া জোনা ইৰ্বাছ নামৰ এগৰাকী যুৱতীয়ে ৰাতি শুই থকা অৱস্থাতে গিলি দিলে নিজৰ হাতত পিন্ধি থকা হীৰাৰ এটা আঙুঠি। ৰাতি সেই সন্দৰ্ভত বিশেষ কোনো অসুবিধা হোৱা নাছিল যদিও পুৱা শুই উঠি জোনাই তেওঁৰ স্বাস্থ্য কিছু অস্বাভাৱিক যেন অনুভৱ কৰে। পুৱাই জোনা আৰু তেওঁৰ হব লগা স্বামী গৈ চিকিৎসালয়ত উপস্থিত হোৱাৰ পাছতহে ওলাল উৰহীৰ ওৰ।

চিকিৎসালয়ত জোনাক এক্সৰে কৰিবলা দিয়াৰ লগতে বিভিন্ন পৰীক্ষা নিৰীক্ষাত ধৰা পৰে তেওঁৰ পেটত আছে এটা হীৰাৰ আঙুঠি। লগে লগে চিকিৎসক দলটোৱে জোনাক অস্ত্ৰোপচাৰৰ বাবে পৰামৰ্শ দিয়ে। পাচত চিকিৎসকৰ এটা দলে জোনাৰ পেটৰ পৰা অস্ত্ৰোপচাৰৰ জৰিয়তে উলিয়ায় হীৰাৰ আঙুঠিটো।

বৰ্তমান সম্পূৰ্ণ সুস্থ জোনাই সংবাদ মাধ্যমত জনাই যে, আঙুঠিটো গিলি দিয়া বুলি তেও একেবাৰে গম পোৱা নাছিল, কিন্তু নিশা তেনে এটা সপোন দেখিছিল বুলিও জনায় জোনাই। উল্লেখ্য যে, বিগত সম্পাহত সংঘটিত হৈছে এই ঘটনা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in