বাস্কেটবল খেলুৱৈ কোবে ব্ৰায়েন্ট আৰু কন্যাসহ হেলিকপ্টাৰ দুৰ্ঘটনাত নিহত ৯জন…

বাস্কেটবল খেলুৱৈ কোবে ব্ৰায়েন্ট আৰু কন্যাসহ হেলিকপ্টাৰ দুৰ্ঘটনাত নিহত ৯জন…

ডিজিটেল ডেস্কঃ এক দুৰ্ঘটনা প্ৰাণ হেৰুৱালে জনপ্ৰিয় বাস্কেটবল খেলুৱৈ কোবে ব্ৰায়েন্ট আৰু তেওঁৰ কন্যাসহ ৯জন লোকে। দৰাচলতে দেওবাৰে পুৱা কেলিফৰ্ণিয়াৰ গালাবাছাছত দুৰ্ঘটনাত পতিত হয় এখন হেলিকপ্টাৰ। এই হেলিকপ্টাৰখনতেই যাত্ৰা কৰিছিল বাস্কেটবল খেলুৱৈগৰাকী আৰু তেওঁৰ ১৩ বছৰীয়া কন্যা গিয়ানা মাৰিয়া অনৰে ব্ৰায়েন্টে।

জানিব পৰা মতে, কোবে ব্ৰায়েন্টৰ কন্যাও এগৰাকী বাস্কেটবল খেলুৱৈ। দেওবাৰে অনুষ্ঠিত হ'ব লগা মাম্বা স্পৰ্টছ একাডেমীত এখন খেলত অংশ লোৱাৰ বাবে কন্যাৰ সৈতে গৈছিল খেলুৱৈগৰাকী। উল্লেখ্য যে, কন্যা গিয়ানাই যিটো দলৰ হৈ খেলিব লগা আছিল সেই দলটোৰে প্ৰশিক্ষক কোবে ব্ৰায়েন্ট।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in