পুনৰ এনকাউন্টাৰ, পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীৰ গুলী…

পুনৰ এনকাউন্টাৰ, পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীৰ গুলী…

ডিজিটেল ডেস্ক: কাছাৰত পুনৰ এনকাউণ্টাৰ ৷ আৰক্ষীৰ গুলীত আহত কুখ্যাত ডকাইত চামিম আহমেদ লস্কৰ। ভৰিত গুলীবিদ্ধ হৈ SMCH ত ভৰ্তি ডকাইত জন ৷ শুকুৰবাৰে পুৱতি নিশা এই এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে ৷

জানিব পৰা মতে, যোৱা কেইদিনমান পূৰ্বে কাছাৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল চামিম আহমেদ ৷ আৰু যোৱা নিশা কুখ্যাত ডকাইত চামিম আহমেদক লগত লৈ কাছাৰ আৰক্ষী শিলচৰ আউলিয়াটিল্লাত গৈছিল ডকাইতিৰ সামগ্ৰী উদ্ধাৰ কৰিবলৈ ৷

তেতিয়া আৰক্ষীক আক্ৰমণ চলাই ডকাইত চামিমে পলাবলৈ চেষ্টা কৰিলে আৰক্ষীয়ে তেওঁৰ ভৰিত গুলীবৰ্ষণ কৰে ৷ পিছে গুলীবিদ্ধ ডকাইত চামিম আহমেদক আৰক্ষীয়ে শিলচৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱাই ৷ আৰক্ষীৰ গুলীত আহত ডকাইত জনৰ ঘৰ সোনাই সমষ্টিৰ কচুদৰমত ৷ চুৰি, ডকাইতি সহ বিভিন্ন অপৰাধজনিত ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত কাছাৰৰ বিভিন্ন থানাত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হৈ আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in