এম জি এনৰেগাত বৃহৎ কেলেংকাৰিঃ বিডিঅ’ৰ বিৰুদ্ধে গোচৰ…

এম জি এনৰেগাত বৃহৎ কেলেংকাৰিঃ বিডিঅ’ৰ বিৰুদ্ধে গোচৰ…
  • কাছাৰত এম জি এনৰেগাত বৃহৎ কেলেংকাৰি৷
  • ভাৰপ্ৰাপ্ত বিডিঅ'ৰ বিৰুদ্ধে শিলচৰ থানাত গোচৰ ৰুজু৷
  • বৰখলা সমষ্টিৰ চালচাপৰা উন্নয়ণ খণ্ডৰ ভাৰপ্ৰাপ্ত বিডিঅ' গৌতম দাসৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ৷
  • গৌতম দাস চালচাপৰাৰ বিডিঅ'ৰ দায়িত্বত থকা সময়ত সংঘটিত কৰিছিল এই পৰ্বত সম দুৰ্নীতি৷
  • গোচৰ তৰিছে জিলা পৰিষদৰ CEO এলদাদ এল ফালহিমে৷
  • গৌতম দাসৰ উপৰি ভাংগাৰপাৰ জিপিৰ এক্ৰিডিয়েটেড ইঞ্জিনিয়াৰ সহ তিনিটা জিপিৰ কেবাজনো জিআৰএছক অভিযুক্ত কৰা হৈছে ৷
  • চালচাপৰা উন্নয়ণ খণ্ডত সংঘটিত হৈছে এই বৃহৎ কেলেংকাৰি ৷
  • ২২ টা প্ৰকল্পত সংঘটিত হৈছে এই কেলেংকাৰি ৷
  • গ্ৰামোন্নয়ণ বিভাগৰ আয়ুক্তৰ নিৰ্দেশত গঠিত তিনি জনীয়া কমিটীয়ে তদন্ত কৰিছিল দুৰ্নীতিৰ ৷
  • প্ৰতিবেদনত উন্মোচিত হৈছিল কেবা লাখ টকাৰ দুৰ্নীতি৷
  • প্ৰকল্পৰ কাম সম্পুৰ্ণ নকৰাকৈ লাখ লাখ টকা সৰকাইছে গৌতম বাহিনীয়ে ৷
  • অনুৰূপ দুৰ্নীতিৰ অভিযোগত কিছু দিন পূৰ্বে কাটিগৰা ব্লকৰ ভাৰপ্ৰাপ্ত বিডিঅ' সুজা হুছেইন লস্কৰো গ্ৰেপ্তাৰ হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in