কাছাৰত দুস্প্ৰাপ্য প্ৰজাতিৰ বন্য জীৱ উদ্ধাৰ…

কাছাৰত দুস্প্ৰাপ্য প্ৰজাতিৰ বন্য জীৱ উদ্ধাৰ…

ডিজিটেল ডেস্কঃ বন্য জন্তু উদ্ধাৰৰ ক্ষেত্ৰত কাছাৰ বন বিভাগে এক বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। কাছাৰৰ লাইলাপুৰত অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে কেইবাটাও দুস্প্ৰাপ্য প্ৰজাতিৰ বন্য জীৱ।

কাছাৰ বনবিভাগে উদ্ধাৰ কৰা কেংগেৰু

উদ্ধাৰ হৈছে এটা কেংগেৰু, ছয়টাকৈ দুস্প্ৰাপ্য প্ৰজাতিৰ ভাটৌ, তিনিটা কাছ আৰু দুটা বান্দৰ। লগতে জব্দ কৰিছে টি এছ০৮ ইউ বি ১৬২২ নম্বৰৰ চোৰাং জন্তু সৰবৰাহ কৰা বাহনখন। লগতে আটক কৰিছে নৰ্ছিমা ৰেড্ডি আৰু নৱনাথ টুকুৰাম ডাইগুৰে নামৰ দুই চোৰাং বন্য জন্তু সৰবৰাহকাৰী।

উদ্ধাৰ হোৱা দুস্প্ৰাপ্য প্ৰজাতিৰ ভাটৌ


বনবিভাগৰ নিয়মীয়া তালাচিত ধৰা পৰে বন্য জন্তু সৰবৰাহকাৰীৰ দলটো। বন বিভাগৰ সুত্ৰত প্ৰকাশ পোৱা অনুসৰি কাৰ্টুনত ভৰাই মিজোৰামৰ পৰা কাছাৰহৈ গুৱাহাটীলৈ গোপনে সৰবৰাহ কৰাৰ চেষ্টা চলাইছিল বন্য জন্তু কেইটাক। বনবিভাগৰ প্ৰশ্নত প্ৰথম অৱস্থাত বাহনখনত ফলমূল আছিল বুলি কৈছিল যদিও চালকৰ কথাত পতিয়ন নগৈ বাহনখনৰ তালাচি চলোৱাত উদ্ধাৰ হয় বন্য জন্তু কেইটা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in