শেহতীয়া খবৰ
ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত ৮জনে হেৰুৱালে প্ৰাণ, মৃত্যু হোৱা লোকৰ সংখ্যা ৫৮৬জনলৈ বৃদ্ধি...  •  অসমত আকৌ ২০৭৩জনৰ কোভিড পজিটিভ...  •  ডিমাপুৰত গুলিবিদ্ধ অৱস্থাত উদ্ধাৰ ধেমাজিৰ যুৱক...  •  দৰঙত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩৬০৩ জনলৈ বৃদ্ধি...  •  মই কল্পনাই কৈছো- ‘ন্যায় লাগে মোক...’  •  চামগুৰিস্থিত পাৱাৰ গ্ৰীড ষ্টেচনত মন্ত্ৰী কেশৱ মহন্ত :বিদ্যুৎ ব্যাহত হোৱাত জ্বলাকলা খাইছে ৰাইজে...  •  বাতিল হোৱা এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ছপাৰ দায়িত্বত আছিল বিজেপি নেতা...  •  মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিলে ড০ পানছাৰীৰ গ্ৰন্থ ‘বাতো বাতো মে’...  •  দেশত একেদিনাই সুস্থ হৈ উঠিল ১ লাখতকৈ অধিক কোৰোণাক্ৰান্ত ...  •  গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ হাটীবহাৰ পিছফালৰ পথত কৃত্ৰিম বানপানী...

দিল্লী ক্ৰিকেট সন্থাৰ সভাপতি পদ এৰিলে ইণ্ডিয়া টিভিৰ মুখ্য সম্পাদক ৰজত শৰ্মাই…

977

ডিজিটেল ডেস্কঃ দিল্লী ক্ৰিকেট সন্থাৰ সভাপতি তথা অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছে সাংবাদিক, ইণ্ডিয়া টিভিৰ মুখ্য সম্পাদক ৰজত শৰ্মাই। শনিবাৰে পুৱা সন্থাৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰি তেও মত প্ৰকাশ কৰে যে, কোনো মূল্যৰ বিনিময়তে মই মোৰ সততাক সৈতে বুজাবুজি নকৰো।’

ইফালে শনিবাৰে পুৱাই দিল্লী ক্ৰিকেট সন্থাই টুইটাৰযোগে ৰজত শৰ্মাই পদত্যাগ কৰাৰ কথা ৰাজহুৱা কৰে। ২০১৮ চনত দিল্লী ক্ৰিকেট সন্থাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছিল ৰজত শৰ্মা। শৰ্মাৰ পদত্যাগ পিছতে শনিবাৰে বিয়লিভাগলৈ দিল্লী ক্ৰিকেট সন্থাৰ কেইবাজনো সদস্যই পদত্যাগ কৰে।

উল্লেখ্য যে, ৰজত শৰ্মা দিল্লী ক্ৰিকেট সন্থাৰ অধ্যক্ষ হৈ থাকোতেই দিল্লীৰ ঐতিহাসিক ফিৰোজ কোটলা ষ্ট্ৰেডিয়ামৰ নাম সলনি কৰি অৰুণ জেটলী ষ্ট্ৰেডিয়াম ৰাখিবৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। এই প্ৰস্তাৱক মঞ্জুৰী প্ৰদান কৰাৰ পাছত ফিৰোজ কোটলা ষ্ট্ৰেডিয়ামৰ নাম হৈছিলগৈ অৰুণ জেটলী ষ্ট্ৰেডিয়াম।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি