মেঘালয়ৰ কেবিনেট ৰদবদল,দুই নতুন মন্ত্ৰীৰ শপত…

মেঘালয়ৰ কেবিনেট ৰদবদল,দুই নতুন মন্ত্ৰীৰ শপত…

ডিজিটেল সংবাদ,শ্বিলং : এক সামান্য কেবিনেট ৰদবদল কৰে মঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই । এন পি পিৰ দচাখিয়াত লামে আৰু এইচএছপিডিপিৰ ৰেনিকটন টংখাৰে বৃহস্পতিবাৰে নতুন মন্ত্ৰী হিচাপে শপত গ্ৰহন কৰে । দুজন জ্যেষ্ঠ নেতাক বৰ্জন কৰি নতুন মন্ত্ৰী হিচাপে যোগদান কৰে লামে আৰু টংখাৰে । লামে আৰু টংখাৰক ৰাজ্যপাল সত্য পাল মালিকে মুখ্যমন্ত্ৰী কনৰাড চাংমা, কেবিনেট সহকৰ্মী আৰু বিষয়াসকলে অংশগ্ৰহণ কৰা এক অনুষ্ঠানত শপত গ্ৰহণ কৰায় ।

হিল ষ্টেট পিপ'লছ ডেমক্ৰেটিক পাৰ্টিৰ বিধায়ক আৰু জলসম্পদ বিভাগৰ মন্ত্ৰী চামলিন মালঙ্গীয়ংৰ স্থানত এতিয়া মাওকিৰৱাটৰ বিধায়ক ৰেনিকটন টংখাৰক অন্তৰ্ভূক্ত কৰা হ'ব । এন পি পিৰ বিধায়ক আৰু মৎসপালন আৰু ৰাজহুৱা কৰ্ম বিভাগৰ মন্ত্ৰী অহান ইমবনৰ সলনি ডাচাখিয়াত লামেক অন্তৰ্ভূক্ত কৰা হ'ব, যিহেতু মাহোৱাটিৰ প্ৰথমবাৰৰ বিধায়ক ।আগতে কেবিনেট ৰদবদলৰ এনে দাবী উত্থাপন কৰা মালঙ্গীয়াঙে এতিয়া বৃ্হস্পতিবাৰে টংখাৰক দায়িত্ব প্ৰদান কৰিছে। আকৰ্ষণীয় কথা যে, লামে হৈছে পৰিবহন মন্ত্ৰী স্নিয়াভলাং ধৰৰ ভতিজা।

২৮ বছৰীয়া লামে হৈছে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা আটাইতকৈ সৰু মন্ত্ৰী আনহাতে ৰাজহ মন্ত্ৰী কিৰমেন শইলা ২০১৮ চনত ২৯ বছৰ বয়সত শপত গ্ৰহণ কৰিছিল। ইয়াৰ মাজতে মুখ্য মন্ত্ৰীয়ে চাংমাই কয় যে অন্যান্য কেবিনেট মন্ত্ৰীসকলৰ মাজতো বিভাগ সমূহ সলনি কৰা হ'ব। ৰাজ্যপালে ৰদবদল সন্দৰ্ভত সহমত প্ৰকাশ কৰাৰ লগতে এক অধিসূচনা জাৰি কৰা হ'ব বুলি চংমাই কয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in