কেবিনেটৰ সিদ্ধান্তঃ এইবাৰৰ পৰা প্ৰদান কৰা হ’ব অসম ৰত্ন, অসম বিভূষণ আৰু অসম ভূষণ বটাঁ…

কেবিনেটৰ সিদ্ধান্তঃ এইবাৰৰ পৰা প্ৰদান কৰা হ’ব অসম ৰত্ন, অসম বিভূষণ আৰু অসম ভূষণ বটাঁ…
  • কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত
  • 'এইবাৰৰ পৰা প্রতিবছৰে দিয়া হ'ব অসম ৰত্ন বঁটা'
  • এই বঁটাত থাকিব ৫ লাখ টকাৰ অনুদান
  • ৩ জনক অসম বিভূষণ, ৫ জনক দিয়া হ'ব অসম ভূষণ সন্মান
  • ১০ জন বিশেষ ব্যক্তিলৈ আগবঢ়োৱা হ'ব অসমশ্রী সন্মান
  • এটা বিশেষ দিনত প্রদান কৰা হ'ব এই সন্মান
  • সাহিত্যৰ বঁটাসমূহ হোমেন বৰগোহাঞিৰ জন্মদিনত প্রদানৰ সিদ্ধান্ত
  • ক্রীড়া বঁটাসমূহ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত প্রদান কৰা হ'ব
  • শিল্পী বঁটাসমূহ শিল্পী দিৱসত প্রদান কৰা হ'ব
  • বৰদোৱা প্রকল্পক ৩৫ বিঘা মাটি পুনৰ আবণ্টন
  • জিলা উপায়ুক্তসকলক বানপানী সাহাৰ্যৰ বাবে সম্পূৰ্ণ কৰ্তৃত্ব
  • ক্ষয়-ক্ষতিৰ অনুদান উপায়ুক্তই দিব পাৰিব
  • ১ এপ্রিলৰ পৰা ৩১ অক্টোবৰলৈ এই কৰ্তৃত্ব
  • সকলো চৰকাৰী কাৰ্যালয়ত ৰাষ্ট্রপতি, গোপীনাথ বৰদলৈৰ ফটো থাকিব
  • ছিপাঝাৰৰ সৰু খুঁটিৰ ৭৭ হাজাৰ ভূমিত খেতিৰ পৰিকল্পনা
  • এই সন্দৰ্ভত এখন কমিটী গঠন কৰা হ'ব
  • কি খেতি কৰিলে লাভ হ'ব সেয়া তেওঁলোকে পৰ্যালোচনা কৰিব
  • কয়লা ছিণ্ডিকেট সন্দৰ্ভত চৰকাৰী নিৰ্দেশনা
  • দীঘৰ খাল, শ্রীৰামপুৰ গেটত ওজন কৰা হ'ব কয়লা ট্রাক
  • অভাৰ লোড থাকিলে কয়লা খালী কৰি দিয়া হ'ব
  • ৩১ মে'লৈ পৰীক্ষামূলকভাৱে হ'ব
  • অভাৰ ল'ডৰ নামত যাতে দুষ্কাৰ্য কৰিব নোৱাৰে
  • ছাগলীয়া গেটৰে কয়লা ট্রাক যাব নোৱাৰিব
  • মেঘালয়ৰ পৰা অহা ট্রাকো কৰা হ'ব পৰীক্ষা
  • কভাক্সিনৰ নাটনি ১০ দিনৰ ভিতৰত দূৰ হ'ব
  • বৰ্তমান ১.৫০ লাখ মজুত আছে
  • 'যদি কিবা অনিয়ম হৈছে তাৰ ব্যৱস্থা লোৱা হ'ব'
  • ১২ জুলাইৰ পৰা নতুন চৰকাৰৰ বাজেট অধিৱেশন কৰা সিদ্ধান্ত
  • ২৫ দিনীয়াকৈ হ'ব এই অধিৱেশন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in