বানে ধুৱা ধেমাজিত কেবিনেটঃ ধেমাজিলৈ ৪৩৩ কোটিৰ পেকেজ…

বানে ধুৱা ধেমাজিত কেবিনেটঃ ধেমাজিলৈ ৪৩৩ কোটিৰ পেকেজ…


ডিজিটেল সংবাদ ধেমাজিঃ বানবিধস্ত ধেমাজিত ৰাজ্য চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক উপলক্ষে বুধবাৰেই ধেমাজিত মুখ্যমন্ত্ৰী সহ ১৩ গৰকী কেবিনেট মন্ত্ৰী উপস্থিত হোৱাৰে পৰা মিনি দিছপুৰত পৰিনত হ'ল এসময়ত বানপানীৰ বাবে বিখ্যাত ধেমাজি জিলা৷

বুধবাৰে ধেমাজিৰ আৱৰ্ত ভৱনত নৈশ যাপন কৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে পুৱা ৯:৩০ বজাত বাটঘৰীয়া আঞ্চলিক স্পৰ্টছ ক্লাৱত উপস্থিত হৈ বিভা হিমাংশু মেম'ৰিয়েল ট্ৰাষ্টে প্ৰদান কৰা বিভিন্ন খেলৰ সামগ্ৰী উদ্বোধন কৰে৷ ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ড° শৰ্মাই বাটঘৰীয়া অংগবাড়ী কেন্দ্ৰৰ লগতে বাটঘৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিদৰ্শন কৰে৷

এই উপলক্ষে অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বাটঘৰীয়া অংগনবাড়ী কেন্দ্ৰ নতুনকৈ নিৰ্মাণৰ বাবে ২৫ লাখ টকা অনুদান দিয়াৰ কথা উল্লেখ কৰি হিমাংশু মেমৰিয়েলৰ উন্নয়নৰ বাবে ১০ লাখ টকাৰ এককালীন সাহায্যৰ দিয়াৰ লগতে শাৰীৰিক চৰ্চাৰ বাবে উক্ত ক্লাৱৰ বাবে প্ৰতিবছৰে ৩ লাখ টকাকৈ সাহায্য দিয়া কথা উল্লেখ কৰে। ইয়াৰোপৰি তেওঁ বাটঘৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঁথনিৰ উন্নতিৰ আশ্বাস প্ৰদান কৰে ৷

ইয়াৰ পাছতে মুখ্যমন্ত্ৰী বিশেষ পেকেজৰ ২০১৩/১৪ বৰ্ষত বটুৱাৰ পৰা ৰাংকোপ পথৰ বটুৱা নদীৰ ওপৰত নিৰ্মিত ১/১ তথা ১৫০ মিটাৰ দৈঘ্যৰ দলংখন শুভ উদ্বোধন কেৰ ৷ ইয়াৰ পাছতে মুখ্যমন্ত্ৰী ড° শৰ্মাই পি এম এছ ৱাই অধীনত ২০১৮/১৯ আৱন্টিত পুঁজিৰে নিৰ্মিত দূখুতিমুখ কাইটং সংযোগী পথৰ পকী দলং খন উদ্বোধন কৰে ৷ ধেমাজিৰ লোকনিৰ্মান বিভাগৰ অধীনত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ২০১৭/১৮ বৰ্ষত আৱন্টিত বেঙেনাগড়া কঠালগুৰি পথৰ ফাটিহা বৰডুবি জানৰ ওপৰত নিৰ্মিত দলংখন শুভ উদ্বোধন কৰি আহিয়েই ধেমাজিৰ কেবিনেট বৈঠকত অংশগ্ৰহণ কৰে৷

মুখ্যমন্ত্ৰীগৰাকীৰ লগত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু, বিত্ত মন্ত্ৰী অজন্তা নেওগ আৰু ক্ৰিয়া আৰু বিদ্যুৎ মন্ত্ৰী বিমল বৰাই সংগ দিয়ে ৷ উল্লেখ্য যে, ২০১৬ চনত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰ ৰাজ্যৰ ক্ষমতালৈ অহাৰ পাছত সেইবৰ্ষৰ ৮ ছেপ্টেম্বৰত দিছপুৰৰ বাহিৰত মাজুলিত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিছিল কেবিনেট বৈঠক ৷ এই বৈঠকৰ বহু ঘোষনা আজিও কাৰ্যকৰী নহ'ল ৷

আনহাতে ইয়াৰ ৫ বছৰৰ মূৰত পুনৰ ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দ্বিতীয়বাৰৰ বাবে বিজেপি দলে দিছপুৰত চৰকাৰ গঠন কৰাৰ পাছত ৰাজধানী দিছপুৰৰ পৰিবৰ্তে বানবিধস্ত ধেমাজিত প্ৰথমবাৰৰ বাবে ৰাজ্যৰ কেবিনেট বৈঠক অনুষ্ঠিত কৰি ৪৩৩ কোটি টকাৰ ৰাষ্টা ঘাট, জলসম্পদ, উপায়ুক্তৰ কাৰ্যালয়ৰ পুনৰ নিৰ্মান আদিৰ বাবে অভিলাষী আঁচনিৰ কথা ঘোষনা কৰিলেও ই কাৰ্যক্ষেত্ৰত কিমান ৰূপায়ন হয় সেয়া সময়েহে কব ৷

দিছপুৰৰ বাহিৰত ধেমাজিত অনুষ্ঠিত হব লগা প্ৰথম কেবিনেটৰ বাবে বৃহস্পিতাবৰে মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও ধেমাজিত উপস্থিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা ধেমাজিৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কিষান, পীয়ুষ হাজৰিকা, কেশৱ মহন্ত, উৰ্খাও গৌৰা ব্ৰহ্ম আদিকে কৰি ১৩ গৰকী মন্ত্ৰীৰ আগমনক লৈ সমগ্ৰ ধেমাজি নগৰখনত এক মিনি দিছপুৰ সদৃশ পৰিবেশৰ সৃষ্টি হয়।

উল্লেখ্য যে, ধেমাজিৰ চকুলো জীয়াঢ়ল নদী নিয়ন্ত্ৰণ, পবা বৰ্ষাৰন্যক ৰাষ্ট্ৰীয় অভয়াৰণ্য ঘোষণা কৰা, প্ৰস্তাৱিত ধেমাজি মেডিকেল কলেজৰ আধাৰশিলাৰ তাৰিখ ঘোষণা, বহু বিতৰ্কিত নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহন, ধেমাজিলৈ বিশেষ পেকেজ ঘোষণা কৰা, প্ৰাদেশীকৰন কৰা আদি বিভিন্ন দাবী সমূহ সামাধানৰ বাবে ধেমাজিৰ বিভিন্ন দল সংগঠন আৰু ৰাইজে দাবী জনোৱাৰ লগতে ভাগে ভাগে মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰে ৷

বৃহস্পতিবাৰে কেবিনেট উপলক্ষে ধেমাজিত ১৩ গৰাকী মন্ত্ৰীৰ উপৰিও ১০ গৰাকী বিভিন্ন বিভাগৰ আয়ুক্ত সচিব আৰু মূখ্য সচিব আদি উপস্থিত থাকে ৷ ইফালে কৃষিমন্ত্ৰী অতুল বৰাই ধেমাজিৰ কৃষি বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ কৃষক আৰু আত্মসহায়ক গোটৰ কৃষিৰ বিভিন্ন সামগ্ৰী প্ৰদান কৰে ৷

কেবিনেট বৈঠকত লোৱা সিদ্ধান্তঃ

ধেমাজিত বৃহস্পতিবাৰে দুপৰীয়া ধেমাজি জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত আৰম্ভ হয় কেবিনেট বৈঠক ৷ কেবিনেট বৈঠক অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেল সম্বোধন কৰে ৷ আৰুকেবিনেটৰ সিদ্ধান্তসমূহ ৰাজহুৱা কৰে..

  • এতিয়াৰে পৰা ৰাজ্যত OBC কমিউনিটিৰ প্ৰমান পত্ৰ OBC ব'ৰ্ডৰ বিপৰীতে সেই জনগোষ্ঠীৰ বৰ্ডে প্ৰদান কৰিব ৷
  • মুকংচেলেক ট্ৰাইবেল বেল্ট আৰু ঢকুৱাখনা চাৰিকড়িয়া ট্ৰাইবেল ব্লকত এতিয়াৰে পৰা আহোম ,চুতীয়া , কোচৰাজবংশী গোৰ্খাসকলে মাটি কিনা বেচা কৰিব পাৰিব৷
  • অৱশ্যে ২০১১ চনৰ পূৰ্বে এই অঞ্চল চেটেলমেন্ট কৰা হব লাগিব বুলি চৰ্ত আৰোপ কৰা থাকিব৷
  • ধেমাজি জিলাৰ চিচিটঙানি নামৰ নতুন ট্ৰাইবেল ব্লেট এটা গঠন কৰিছে ৷ য'ত ৮৯খন জৰীপ কৰা ৰাজহ গাওঁ সামৰি লোৱা হৈছে।
  • মিছন বসুন্ধৰা আচঁনিখন শেষ নোহোৱালৈকে কোনো ৰাজহ বিভাগৰ বিষয়া কমৰ্চাৰীক আন কামত ব্যৱহাৰ কৰিব নোৱাৰাৰ সিদ্ধান্ত ৷
  • ডিব্ৰুগড় আৰু শিলচৰ পৌৰসভা দুখনক মিউনিচিপাল কোঅপাৰেটিভলৈ উন্নীত ৷
  • হিন্দুস্থান পেপাৰ মিলৰ কৰ্মচাৰীৰ বাবে ৫৭০ কোটি ৰিলিজ পেকেজ ৷
  • নগাওঁ আৰু শিলচৰৰ কাগজকলৰ কৰ্মচাৰীৰ বাবে সৰ্বমুঠ ৭ কোটি টকাৰ পেকেজত অনুমোদন৷
  • মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাইৰ বাবে ১১ লাখ লোকক ২৫০০০ টকাকৈ মুঠ ১৮০০ কোটি অনুমোদন ।
  • ধেমাজি জিলা উপায়ুক্তৰ কাৰ্যালয়টো এটা ইন্টিগ্ৰেটেট ডেপুটি কমিচনাৰ কাৰ্যালয় হিচাপে স্থাপন কৰাৰ বাবে ৫০ কোটিৰ অনুমোদন।
  • ধেমাজিত উন্নত মানদণ্ডৰ ষ্টেডিয়াম স্থাপনৰ বাবে ৫০ কোটিৰ অনুমোদন ৷
  • জোনাইৰ পৰা ঢকুৱাখনা মাজুলীলৈকে মাথাউৰি নিৰ্মাণৰ প্ৰকল্পৰ বাবে ১৮৩ কোটিৰ অনুমোদন ৷
  • ইয়াৰে ধেমাজিত ব্যয় হব ১৫ কোটি ,জোনাইত ৩৬ কোটি, ঢ়কুৱাখনাত ১০৮ কোটি আৰু মাজুলীত ২১ কোটি ব্যয় হব ৷
  • ধেমাজিত বান নিয়ন্ত্ৰণৰ বাবে ১৫০ কোটি ৷
  • কেৱল ধেমাজিৰ বাবে সবৰ্মুঠ ৪৩৩ কোটি অনুমোদন কেবিনেটত ৷
  • একেদৰে ধেমাজি চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে ভূমি অধিগ্ৰহণ প্ৰস্তাৱত অনুমোদন জনাইছে কেবিনেটে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in