কেবিনেট বৈঠকত অসম-মেঘালয় সীমা সমস্যা সন্দৰ্ভত আলোচনাঃ গ্ৰহণ কৰা হ’ল কি কি সিদ্ধান্ত, পঢ়ক সবিশেষ…

কেবিনেট বৈঠকত অসম-মেঘালয় সীমা সমস্যা সন্দৰ্ভত আলোচনাঃ গ্ৰহণ কৰা হ’ল কি কি সিদ্ধান্ত, পঢ়ক সবিশেষ…
  • ডিমাহাচাওত কেবিনেট বৈঠক সম্পন্ন
  • কেবিনেট বৈঠকৰ পাছতে সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰীয়ে।
  • সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয়-
  • অসম-মেঘালয় সীমা সমস্যা সমাধান সন্দৰ্ভত আলোচনা হৈছে।
  • বৃহস্পতিবাৰে মেঘালয় মুখ্যমন্ত্ৰী আৰু মই কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত কেন্দ্ৰীয় গৃহ মন্ত্ৰীক অৱগত কৰিম।
  • অহা ২৪ জানুৱাৰীত অসম বৈভৱ আৰু অসম গৌৰৱ বঁটা প্ৰদান কৰা হ'ব।
  • আজিৰ কেবিনেটক অসমত দুখন মহাবিদ্যালয় বাণিজ্য শাখা নতুনকৈ প্ৰৱৰ্তনৰ বাবে সিদ্ধান্ত লয়।
  • এখন হ'ল মৰিগাঁও কলেজ আৰু শুৱালকুছি মহাবিদ্যালয়।
  • বিজ্ঞান শাখা প্ৰৱৰ্তনৰ বাবে সিদ্ধান্ত লোৱা হৈছে।
  • মৰিঢল কলেজ, ভৱানীপুৰ কলেজ, শালবাৰী কলেজ, টিংখং মহাবিদ্যালয়, তেজপুৰ মহাবিদ্যালয়, বাসুগাঁও কলেজ, বি বি কিষাণ কলেজ বাক্সা আৰু মাধৱ চন্দ্ৰ দাস কলেজ।
  • এই ১০ খনৰ ২খনত বাণিজ্য শাখা,  আৰু ৮খনত বিজ্ঞান শাখা অহা শিক্ষা বৰ্ষৰ পৰা প্ৰৱৰ্তনৰ বাবে সিদ্ধান্ত লৈছে।
  • আজি কেবিনেটে শিলচৰত ২১৪ কোটি টকা ব্যয় সাপেক্ষে নতুন চিৰিয়াখানাৰ বাবে অনুমোদন দিছে।
  • এয়া এখন অপেন জু হ'ব।
  • অসমৰ চিকিৎসা মহাবিদ্যালয় সমূহত অধ্যাপক-অধ্যাপিকাসকলৰ সময়মতে প্ৰমোছনত এটা বাধা আছিল।
  • নেশ্যনেল মেডিকেল কাউন্সিলৰ নিয়ম মতে, এটা নিৰ্দিষ্ট সময় কাম কৰাৰ পাছত তেওঁলোকে আন এটা পদলৈ অটমেটিক প্ৰমোছন পাব লাগে।
  • কিন্তু আজিৰ দিনত পদবী নাই কাৰণে আমি সময়মতে প্ৰমোছন দিব পৰা নাছিলো।
  • নিৰ্দিষ্ট সময় কাম কৰাৰ পাছত কৰ্মচাৰীসকলৰ প্ৰমোছন হ'বই।
  • এছ্যুৰ্ড কেৰিয়াৰ প্ৰমোছন স্কীম অনুসৰি তেওঁলোকৰ প্ৰমোছন হ'বই।
  • মৰাণ অটন'মাছ কাউন্সিল , মটক  অটন'মাছ কাউন্সিল, বড়ো কছাৰী ৱেলফেয়াৰ অটন'মাছ কাউন্সিল, কমতাপুৰত নিৰ্বাচন বিধি সমূহত অনুমোদন দিয়ে।
  • ডিমা হাচাও স্বায়ত্ত পৰিষদে বিভিন্ন সমস্যা সন্দৰ্ভত অৱগত কৰিছিল।
  • তেওঁলোকৰ মুল সমস্যা হয় দৰমহাক লৈ।
  • কাউন্সিলৰ প্ৰায় ১০০জন মান বিষয়া কৰ্মচাৰী আছে।
  • যাক ক্লাছ ওৱান আৰু ক্লাছ টু বুলি কওঁ।
  • তেঁওলোকক দৰমহা দিয়াৰ দায়িত্ব এতিয়াৰ পৰা ৰাজ্য চৰকাৰে বহন কৰিব।
  • হাফলঙত এখন ষ্টেডিয়াম নিৰ্মাণ হৈ আছে।
  • ষ্টেডিয়ামখনৰ বাবেও ২০ কোটি টকা অতিৰিক্ত ভাৱে ৰাজ্য চৰকাৰৰ পৰা অনুমোদন কৰিছো।
  • হাফলং নগৰত পানীযোগান আঁচনিৰ বাবে ১১০ কোটি টকা অনুমোদন কৰিছে।
  • হাফলং, উমৰাংছু, আৰু পানিমুৰ ত ৫০ কোটি টকাৰে পৰ্য্যটন আন্ত:গাঁঠনি উন্নয়নৰ বাবে পৰিষদৰ লগত মিলি কাম কৰিব।
  • কোৰোনাত নতুনকৈ আক্ৰান্তৰ সংখ্যা বাঢ়িছে।
  • কিন্তু এতিয়াও নতুন এছ অ' পি আনিব খোজা নাই।
  • কেৱল এটা সিদ্ধান্ত লোৱা হৈছে-
  • পূৰ্বতে কোৰোনাত আক্ৰান্ত ৰোগীয়ে কিমান দিন কাৰ্যালয়লৈ ঘূৰি নাহিব তাৰ নিশ্চয়তা নাছিল।
  • কিন্তু এতিয়া কোৰোনাত আক্ৰান্ত ৰোগীয়ে ৭ দিন হাস্পতাল বা চিকিৎলায়ত থাকি অষ্টম দিনা ঘূৰি আহিব লাগিব।
  • অৱশ্যে চিকিৎসকে ৰোগীজনক অধিক দিন ৰাখিলে বা ঘৰতে থাকিবলৈ পৰামৰ্শ দিলে তেওঁৰ বাবে এই নিয়ম প্ৰযোজ্য নহ'ব।
  • বৰ্তমান অসমত ৪ কোটিতকৈ অধিক ভেকচিন পালি দিয়া হৈছে।
  • ইয়াৰে ১ কোটি ১২ লাখ দ্বিতীয় পালি ভেকচিন।
  • উল্লেখ্য যে, কেবিনেটলৈ আহোঁতে আৰু ঘূৰি যাওঁতে মন্ত্ৰী সকলে ৰাস্তাৰ জিলা মহকুমাত সোমাই আঁচনিৰ পৰ্যালোচনা কৰিব।
  • আহোঁতে আঁচনি পৰিদৰ্শন আৰু ঘূৰি যাওঁতে হিতাধিকাৰিৰ সৈতে সাক্ষাৎ কৰিব।
  • পৰৱৰ্তী কেবিনেট বৈঠক হ'ল শিলচৰত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in