বঙাইগাঁৱত কেবিনেট বৈঠকঃ আধাৰশিলা আৰু উদ্বোধনৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে দিব চমক…

বঙাইগাঁৱত কেবিনেট বৈঠকঃ আধাৰশিলা আৰু উদ্বোধনৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে দিব চমক…

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগীয়া কেবিনেট বৈঠক ২৪ নৱেম্বৰ, বুধবাৰে বঙাইগাঁৱত অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট প্ৰথমবাৰৰ বাবে দিছপুৰৰ বাহিৰত ধেমাজিত অনুষ্ঠিত হোৱাৰ পিছত দ্বিতীয়বাৰৰ বাবে দিছপুৰৰ বাহিৰত বঙাইগাঁৱত অনুষ্ঠিত হ'ব।

বুধবাৰে অনুষ্ঠিত হ'বলগীয়া এই কেবিনেট বৈঠকৰ বাবে ইতিমধ্য়ে কেইবাজনো মন্ত্ৰী বঙাইগাওঁ চহৰত গৈ উপস্থিত হৈছে। ইফাল পুৱা ১০ বজাত উপস্থিত হবগৈ মুখ্যমন্ত্ৰী ড০ শৰ্মা। তেওঁ কেেবিনেটৰ উপৰিও আন কেতবোৰ অনুষ্ঠানতো অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীৰ এই বঙাইগাওঁ ভ্ৰমণ কাৰ্যসূচী দুদিনীয়া হব।

জানিব পৰা মতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ উপৰিও পুৱা প্ৰথমেই উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হবলগীয়া লাচিত দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ইয়াৰোপৰি তেওঁ চিলাৰায় বজাৰৰ আধাৰশিলা, মাজগাওঁ প্ৰস্তাবিত চিকিৎসা মহাবিদ্যালয়ৰ ভূমি পৰিদৰ্শন, পাগলাস্থানৰ ক্লক টাৱাৰ উদ্বোধন, খাৰিজা দোলাইগাঁৱত এফোৰ্ডেবল হাউচিং পাৰ্টনাৰশ্বিপৰ আধাৰশিলা, পিৰৱেশ উদ্যানৰ একুৰিয়াম গৃহৰ উদ্বোধন আদিৰ দৰে কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

আনহাতে এই ভ্ৰমণৰ সময়ছোৱাতে মুখ্যমন্ত্ৰীয়ে বিভিন্ন দল সংগঠনৰ নেতাৰ সৈতে মত বিনিময় কৰিব। বৃহস্পতিবাৰে তেওঁ অংশগ্ৰহণ কৰিব কেইবাটাও দলীয় কাৰ্যসূচীত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in