কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্তঃ এফচিআইৰ উপৰি ৰাজ্য চৰকাৰে ক্ৰয় কৰিব ১০ লাখ মেট্ৰিক টন ধান, ১৯৮০টকালৈ দৰ বৃদ্ধি…

কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্তঃ এফচিআইৰ উপৰি ৰাজ্য চৰকাৰে ক্ৰয় কৰিব ১০ লাখ মেট্ৰিক টন ধান, ১৯৮০টকালৈ দৰ বৃদ্ধি…

ডিজিটেল ডেস্কঃ আজি জনতা ভৱনত কেবিনেটৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ৰাজ্য চৰকাৰে কেইবাটাও জৰুৰী ঘোষণা প্ৰকাশ কৰে। কেবিনেটত মন্ত্ৰী ৰঞ্জিত দাসে কয় যে ৰাজ্য চৰকাৰে এতিয়াৰে পৰা নিজা ববীয়াকৈ ক্ৰয় কৰিব ১০ লাখ মেট্ৰিকটন ধান।লগতে নিৰ্ধাৰিত মূল্যৰ বিপৰীতে এফ চি আইয়ে ক্ৰয় কৰিব প্ৰায় ৬ লাখ মেট্ৰিকটন ধান।মন্ত্ৰী গৰাকীয়ে জনোৱা অনুসৰি এই ধান প্ৰতি কুইন্টল ১৯৮০ টকা দৰত ক্ৰয় কৰা হ'ব।উল্লেখ্য যে, বছৰি প্ৰায় ৭০ লাখ টন ধান উতপাদন হয় ৰাজ্যত।

কেবিনেট বৈঠকত ঘোষণা কৰে যে ১৬ জানুৱাৰীত পঞ্চায়তত অনুষ্ঠিত হ'ব গাঁওসভা, য'ত থাকিব কৃষি বিষয়াকে ধৰি যোগান বিষয়া আদি। উল্লেখ্য ৰাজহ বিভাগৰ পৰাও কৃষকক এখন বিশেষ প্ৰমাণপত্ৰ দিয়া হ'ব  আৰু গাঁওবুঢ়া আৰু লাট মণ্ডলে দিব পাৰিব এই প্ৰমাণপত্ৰ।

ৰাজ্যিক কেবিনেটৰ ঘোষণা অনুসৰি বিহুৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত বলবত থকা সান্ধ্য আইন ১০ বজাৰ পৰিৱৰ্তে নিশা ১১ বজাৰ পৰা পুৱা ৪ বজালৈ পৰিৱৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে। উল্লেখ্য যে, এইবাৰ পৌৰসভা,পৌৰনিগমৰ নিৰ্বাচনত ইভিএম মেচিনৰ জৰিয়তে সাব্যস্ত কৰা হ'ব ভোটদান। ইয়াৰ পূৰ্বে কেৱল বেলট পেপাৰৰ জৰিয়তেহে ভোটদান সাব্যস্ত কৰা হৈছিল।

কেবিনেট বৈঠকত জনোৱা অনুসৰি ৰাজ্যত প্ৰথমবাৰৰ বাবে গঠন হৈছে আছাম ষ্টেট ইউথ কমিচন। বৈঠকত শিক্ষামন্ত্ৰীয়ে জনোৱা অনুসৰি শিক্ষাৰ্থীৰ বাবে অতি গুৰুত্বপূৰ্ণ হব এই বিভাগ।ইয়াৰ পূৰ্বে কেৰেলাত আছিল এই বিভাগ। ৰাজ্য চৰকাৰে ৭৪০টা সহকাৰী প্ৰবক্তা চাকৰিৰ বাবে অনুমোদন জনাই আৰু মে মাহৰ ভিতৰতে চাকৰি প্ৰদান কৰা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in