ৰাজ্যিক কেবিনেটঃ নাথাকিব ছোৱালী বিদ্যালয়, ইংৰাজী মাধ্যমত হ’ব সাধাৰণ বিজ্ঞান আৰু গণিতৰ পাঠদান…

ৰাজ্যিক কেবিনেটঃ নাথাকিব ছোৱালী বিদ্যালয়, ইংৰাজী মাধ্যমত হ’ব সাধাৰণ বিজ্ঞান আৰু গণিতৰ পাঠদান…

ডিজিটেল ডেস্কঃ ৰাজ্যৰ শিক্ষাখণ্ডৰ সন্দৰ্ভত বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেট বৈঠকত। বৈঠকৰ পিছতে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সংবাদ মেলত সেইবোৰ ৰাজহুৱা কৰিছে।

সেই অনুসৰি এতিয়াৰে পৰা বিদ্যালয়সমূহত ইংৰাজী ভাষা উন্নত কৰাৰ বাবে সাধাৰণ বিজ্ঞান আৰু সাধাৰণ গণিত বিষয় দুটাৰ পাঠদান তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ইংৰাজী ভাষাত হ'ব। ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ মাতৃভাষাৰ সমান্তৰালকৈ মাধ্যমিক বিদ্যালয়ত ইংৰাজী মাধ্যমতো পাঠদান কৰা হ'ব।

মাধ্যমিক পৰ্যায়ত 5+1 বিষয় থাকে। বৰ্তমান মাধ্যমিক শিক্ষাত অন্তৰ্ভুক্ত হৈ থকা সমাজ অধ্যয়ন বিষয়টো মাধ্যমিক শিক্ষাৰ পৰা প্ৰত্যাহাৰ কৰা হ'ব। ইয়াৰ পৰিৱৰ্তে ভূগোল আৰু বুৰঞ্জী বিষয় দুটা সন্নিৱিষ্ট কৰা হ'ব।

প্ৰথম পাঁচটা বৰ্ষৰ পাঠদান মাতৃভাষাতে হ'ব। প্ৰতিখন জিলাৰ নিৰ্বাচিত কিছু বিদ্যালয়ত পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ মাতৃভাষাৰ সমান্তৰালকৈ ইংৰাজী মাধ্যমত শিক্ষা দিয়া হ'ব। অংগনৱাড়ীৰ দুটা শ্ৰেণী আৰু প্ৰাথমিক শ্ৰেণীত থকা ৩ টা শ্ৰেণী মাতৃভাষাত পাঠদান কৰা হ'ব।

ইয়াৰ উপৰিও মাধ্যমিক পৰ্যায়ত বহু ছোৱালী বিদ্যালয় আছে। এই ছোৱালী বিদ্যালয়সমূহৰ ভিতৰত এতিয়াৰেপৰা ঐতিহ্যমণ্ডিত ছোৱালী বিদ্যালয়ৰ বাহিৰে কোনো ছোৱালী বিদ্যালয় নাথাকিব। সকলোকে সহ-শিক্ষা বিদ্যালয় হিচাপে কোৱা হ'ব।

ইয়াৰ উপৰিও ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে ৰেগুলেটৰী অথৰিটীক জনাব লাগে৷ ইয়াত সকলো বিদ্যালয়ক পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰা হৈছে । নকৰিলে ১০,০০০ টকা জৰিমনা ভৰিব লাগিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in