ভাৰতৰ সাংবিধানিক ইতিহাসত এয়া এটা ক’লা দিনঃ ছোনিয়া গান্ধী

ভাৰতৰ সাংবিধানিক ইতিহাসত এয়া  এটা ক’লা দিনঃ ছোনিয়া গান্ধী
  • কেব গৃহীত হোৱাৰ পিছতে কংগ্ৰেছৰ অন্তৰ্ৱৰ্তীকালীন অধ্যক্ষ ছোনিয়া গান্ধীয়ে এয়া ভাৰতৰ ইতিহাসৰ ক'লা দিন বুলি অভিহিত কৰে।
  • ৰাজ্যসভাত বিধেয়কখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰে কংগ্ৰেছে।
  • কিন্তু নাম্বাৰ গেমত বিৰোধীৰ প্ৰতিবাদৰ পিছতো বিজেপিয়ে গৃহীত কৰাবলৈ সক্ষম হয় বিধেয়কখন।
  • বিধেয়কখন গৃহীত হোৱাৰ পিছতে ছোনিয়া গান্ধীয়ে এক বিবৃতি জাৰি কৰে।
  • বিবৃতিত ছোনিয়া গান্ধীয়ে উল্লেখ কৰে যে ভাৰতৰ সাংবিধানিক ইতিহাসত এয়া এক ক'লা দিন। নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাটো ভাৰতৰ বিবিধতাৰ ওপৰত সংকীৰ্ণ মানসিকতাৰ লোকৰ জয়।
  • এই বিধেয়কখনে ভাৰতক ধৰ্মৰ আধাৰত ভাগ ভাগ কৰিব।
  • ছোনিয়াই কয় – এই বিধেয়কখন আমাৰ সমতাৰ সিদ্ধান্ত আৰু ধাৰ্মিক সমতাৰ অপমান।
  • আমাৰ সংবিধানে নাগৰিকসকলক স্বাধীনভাৱে জীয়া থকাৰ অধিকাৰক খাৰিজ কৰে এই বিধেয়কখনে।
  • আমাৰ দেশত সকলো দেশকৰ প্ৰতিটো ধৰ্মৰ নাগৰিকক সুৰক্ষা দিয়া হৈছে।
  • আমি এক স্বাধীন ভাৰতৰ বাবে সদায় দৃঢ়সংকল্পবদ্ধ হৈ থাকিম।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in