ত্ৰিপুৰাৰ মনুঘাটত বন্ধ সমৰ্থনকাৰীক আক্ৰমণ

ত্ৰিপুৰাৰ মনুঘাটত বন্ধ সমৰ্থনকাৰীক আক্ৰমণ

ডিজিটেল ডেস্কঃ উত্তৰ পূৰ্বাঞ্চলৰ সাতভনীৰ জনগণ আজি ৰাজপথত৷ থলুৱা জাতি-জনগোষ্ঠীৰ স্বাভিমান ৰক্ষাৰ শেষ ৰণ কৰিছে জনগণে৷ দিল্লীয়ে জোৰকৈ এখন আইন জাপি দিব খোজা কাৰ্যৰ বিৰুদ্ধে দীৰ্ঘকাল জোৰদাৰ প্ৰতিবাদ কৰি আহিছে ৰাজ্যবাসী তথা উত্তৰ-পূৰ্বাঞ্চলবাসীয়ে৷ জনগণে প্ৰতিবাদ কৰিছে কাৰ বিৰুদ্ধে৷ যিসকলে এদিন বিদেশী খেদাৰ বাবে ৰণ সাজু কৰিছিল৷ সেই সকলেই এতিয়া শাসক৷

সেই শাসকৰ বিৰুদ্ধে এতিয়া ৰাইজ ৰাজপথত৷ সেয়াও প্ৰতিবাদ কৰিছে বিদেশী বহিস্কাৰৰ নামত৷ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সন্থা চমুকৈ নে'ছই মঙলবাৰে পুৱাৰে পৰা ১১ ঘণ্টীয়া উত্তৰ-পূৰ্বাঞ্চল বন্ধৰ আহ্বান জনায়৷ বন্ধৰ কাৰ্যসূচীক অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ জনসাধৰণে স্বতঃস্ফূৰ্ত সহাঁৰি জনোৱা পৰিলক্ষিত হৈছে।

তাৰ মাজতে ত্ৰিপুৰাৰ মনুঘাটত এগৰাকী বন্ধৰ সমৰ্থকক বন্ধ বিৰোধীয়ে আক্ৰমণ কৰাৰ খবৰ পোৱা গৈছে৷ বন্ধ বিৰোধী একাংশ বঙালী সম্প্ৰদায়ৰ লোকে বন্ধৰ সমৰ্থক থলুৱা টিপৰাক আক্ৰমণ কৰে৷ পিছত একাংশ লোকে যুৱকজনক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in