‘কেব’ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ ত্ৰিপুৰাতঃ ৰেল পথ, ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ….

‘কেব’ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ ত্ৰিপুৰাতঃ ৰেল পথ, ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ….
  • কেবৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ত্ৰিপুৰাতো।
  • বৃহস্পতিবাৰে পুৱাৰে পৰা ত্ৰিপুৰাৰ খিলঞ্জীয়া জাতীয়তাবাদী সংগঠন আই এন পি টিয়ে ৰে'লপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে।
  • বুধবাৰে নিশাৰ পৰাই বাহৰ পাতি থকা সংগঠনটোৰ একাধিক সদস্যই বৃহস্পতিবাৰে ৰাতিপুৱা ত্ৰিপুৰাৰ খামটিংবাৰীত একত্ৰিত হৈ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে।
  • কেব বাতিলৰ দাবীত বিভিন্ন বেনাৰ পোষ্টাৰ লৈ ৰে'লপথ অৱৰোধ কৰে।
  • তদুপৰি অসম-আগৰতলা ৰাষ্ট্ৰীয় ঘাইপথেৰে চলা বাহনসমূহো অৱৰোধ কৰিছে প্ৰতিবাদকাৰীয়ে।
  • জাতি, ভাষা, কৃষ্টি-সংস্কৃতিলৈ ভাবুকিস্বৰূপ এই বিধেয়কখন বাতিলৰ দাবীত সংগঠনটোৱে আহ্বান জনাইছিল ১২ ঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in