এই বিশ্বাস ঘাতকতাৰ পৰিণাম ভুগিব লাগিব…

এই বিশ্বাস ঘাতকতাৰ পৰিণাম ভুগিব লাগিব…

প্ৰকাশ মহন্ত

উত্তৰ-পূবক বিশ্বৰ বুকুত জিলিকাই তোলাৰ প্ৰতিশ্ৰুতিৰে ২০১৪, ২০১৬ আৰু ২০১৯ চনত নিৰ্বাচনী প্ৰচাৰ চলাইছিল মোডীয়ে। সেই সুৰতে সুৰ মিলাইছিল আইএমডিটি বাতিলৰ গোচেৰৰে জাতীয় নায়কৰ খিতাপ লোৱা সৰ্বানন্দ সোণোৱালে। আঞ্চলিক দল অগপই বিজেপিৰ সৈতে কৰা মিত্ৰতাকো ৰাইজে সেইবাবেই বিশ্বাসেৰে লৈছিল। কিন্তু আজি পুনৰ প্ৰমাণিত হ'ল যে দিল্লীৰ দৃষ্টিত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কোনো মূল্য নাই।

তাতোকৈ দুখৰ কথা হ'ল আঞ্চলিকতাবাদৰ শ্ল'গানেৰে ক্ষমতাৰ ভাগিদাৰ হোৱা অগপ দলৰ নেতা সকলৰ ক্ষুদ্ৰ ক্ষমতা লোভৰ পৰিণতিতেই সমগ্ৰ অসমবাসী অসম বিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দল-মত নিৰ্বিশেষে থিয় দিয়াৰ সময়ত তেওঁলোকে কেৱল গাদী ৰক্ষাৰ স্বাৰ্থত কেবৰ সপক্ষে অৱস্থান লৈছে। অগপই পুনৰ প্ৰমাণ কৰি দিলে যে এই দলটোৱে সংগ্ৰামৰ মজিয়াত থকা অৱস্থাত যি বিশ্বাসঘাতকতাৰে অসম চুক্তি সম্পাদন কৰিছিল, দুবাৰকৈ ক্ষমতা লাভ কৰিও তেওঁলোকে দিয়া প্ৰতিশ্ৰুতি পালনৰ ক্ষেত্ৰত বাৰে বাৰে অসমৰ জন সাধাৰণক প্ৰতাৰণা কৰিছিল, সেই মানসিকতাৰ কোনো পৰিবৰ্তন নহ'ল।

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ চৰকাৰে এন ডি এত থাকিও নাগৰিকত্ব সংশোধনীৰ নামত বিদেশীৰ অতিৰিক্ত বোজা মূৰ পাতি ল'বলগা হোৱাৰ আশংকাত ইয়াৰ বিৰুদ্ধে কৰা প্ৰতিবাদেও তেওঁলোকক কেবৰ ভয়াবহতা সন্দৰ্ভত শিকনি দিব নোৱাৰিলে। যদি শিকনি দিব পাৰিলেহেঁতেন, অসমৰ জনসাধাৰণৰ প্ৰতি যদি নূন্যতম দায়বদ্ধতাও থাকিলহেঁতেন, তেনেহ'লে ২০১৮ত নাগৰিকত্ব সংশোধনী আইন, ২০১৬ৰ বিৰোধিতাৰ নামত পদত্যাগৰ নাটক কৰা অতুল বৰা, কেশৱ মহন্তই প্ৰথমবাৰ ৰাজ্যসভাত এইখন নাকচ হোৱাৰ পিছত পৰৱৰ্তী সময়ত এইখন উত্থাপন কৰাৰ সময়তো বিজেপিৰ সৈতে সম্পৰ্ক ছেদ কৰিলেহেঁতেন।

কিন্তু দুৰ্ভাগ্য এয়ে যে, সমগ্ৰ ৰাজ্যত ক্ষোভৰ দাবানল জ্বলি থকাৰ পিছতো কেৱল মন্ত্ৰিত্বৰ লোভত তেওঁলোকে ইয়াৰ বিৰোধিতা কৰাৰ পৰিৱৰ্তে ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই লোকসভাত গৃহীত হোৱা বিধেয়কখন ৰাজ্যসভাত বিৰোধিতা কৰিম বুলি কোৱাৰ লগে লগে তেওঁক সপক্ষে ভোটদান কৰাবলৈ দিল্লীত বাহৰ নাপাতিলেহেঁতেন। সকলোৱে আশা কৰিছিল দিল্লীত বাহৰ পাতি তেওঁলোকে উত্তৰ পূবৰ সকলো সাংসদৰ লগতে কেব বিৰোধী অৱস্থান লোৱা দেশৰ অন্যান্য দলৰ নেতাসকলৰ সৈতে কিদৰে অসম বিধ্বংসী এই বিধেয়কখনক ৰাজ্যসভাত প্ৰতিহত কৰিব পৰা যাব, তাৰ বাবেহে দিল্লীত বাহৰ পাতিছে।

একেদৰেই গাদী ৰক্ষাৰ স্বাৰ্থত দিল্লীৰ পুতলাত পৰিণত হোৱা এসময়ত অসমৰ জাতীয় নায়কৰ খিতাপ দখলকাৰী সৰ্বানন্দ সোণোৱালেও ৰাইজে তেওঁৰ পৰা কৰা আশা, বিশ্বাস আৰু আস্থাৰ প্ৰতি সন্মান জনাই শেষ মুহূৰ্তত হ'লেও ব্ৰজ্ৰ কণ্ঠে ইয়াৰ বিৰোধিতা কৰিলেহেঁতেন। কিন্তু সৰ্বানন্দ সোণোৱালৰ পৰা তেনে আশা কৰাটো যে অসমৰ সংগ্ৰামী জনতাৰ ভুল আছিল, সেই কথা তেওঁ স্পষ্ট কৰি দিলে।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও এসময়ত অসম আন্দোলনৰ নেতা আছিল। আন্দোলনৰ মজিয়াৰ পৰা জপিয়াই ক্ষমতাৰ খকতেই তেওঁ এদিন কংগ্ৰেছত যোগদান কৰি পৰৱৰ্তী সময়ত মন্ত্ৰী হৈছিল। যি মন্ত্ৰিত্বৰ স্বাৰ্থতে হয়তো এদিন তেওঁ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শাসনত গুজৰাটৰ পানীৰ পাইপেৰে মুছলমানৰ তেজ বয় বুলিও ক'বলৈ কুণ্ঠাবোধ কৰা নাছিল।

সেই হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলত মুখ্যমন্ত্ৰী সপোন থান বান হোৱাৰ লগে লগে বিজেপিত যোগদান কৰাৰ পিছৰ পৰা সেই নৰেন্দ্ৰ মোডী তেওঁৰ বাবে 'ইশ্বৰ'ত পৰিণত হ'ল। এয়াও কম বিশ্বাস ঘাতকতা নহয়! হ'লেও হিমন্ত বিশ্ব শৰ্মাক সৰ্বানন্দ অথবা কেশৱ মহন্ত, অতুল বৰাৰ শাৰীত থব নোৱাৰি।

কিয়নো তেওঁ জাতিক উদ্ধাৰৰ প্ৰতিশ্ৰুতি কাহানিও দিয়া নাই আৰু যি দলতেই নাথাকক, সেই দলৰ গুণ গানেৰে ক্ষমতাত বৰ্তি থকাই তেওঁৰ লক্ষ্য। কংগ্ৰেছত থাকোতে তেওঁ কংগ্ৰেছক প্ৰতাৰণা কৰা নাছিল। আজি বিজেপিত থাকিও বিজেপিক তেওঁ প্ৰতাৰণা কৰা নাই।

সেই বাবেই কেব গৃহীত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোডী, অমিত শ্বাহক তেওঁ টুইটযোগে ধন্যবাদ জনাইছে। যোৱা দুটা বছৰত তেওঁ সদায় কেবৰ সমৰ্থনত মুকলিকৈ বক্তব্য ৰাখিছে। সেই বক্তব্যই জাতি ধ্বংস কৰিলেও তেওঁৰ দলীয় অৱস্থানত কোনো স্ববিৰোধিতা নাই।

কিন্তু যি সৰ্বানন্দ সোণোৱালে অসম চুক্তিৰ প্ৰধান বাধা আই এম ডি টি আঁতোৰোৱাৰ বাবে আদালতত গোচৰ তৰি 'জাতীয় নায়ক'ৰ খিতাপ লৈছিল, সেইগৰাকী সৰ্বানন্দ সোণোৱালে অসম চুক্তি, আই এম ডি টি, জাতি-মাটি-ভেটিৰ শ্ল'গান, বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাৰ ঐক্য আদি সকলো পাহৰি কেৱল ক্ষমতাত বৰ্তি থকাৰ স্বাৰ্থত মেৰুদণ্ডহীন এগৰাকী ব্যক্তিৰ দৰেই অসম চুক্তিক নসাৎ কৰি ৰাজ্যখনক অতিৰিক্ত বিদেশীৰ বোজা বহনেৰে খিলঞ্জীয়া অসমীয়াক নিশ্চিহ্ন কৰাৰ চক্ৰান্তত হাত উজান দিছে।

সেই বাবে এয়া যে এসময়ৰ জাতীয় নায়ক সৰ্বানন্দ সোণোৱালৰ জাতিৰ প্ৰতি চৰম বিশ্বাস ঘাতকতা তাক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। তাতোকৈ ডাঙৰ অপৰাধ কৰিছে অগপৰ কাৰ্যকৰী সভাপতি অতুল বৰা, কেশৱ মহন্তই।

সৰ্বানন্দ সোণোৱাল আৰু এই অতুল বৰা, কেশৱ মহন্তহঁতৰ চেতনাত যদি লেশ মাত্ৰও জাতিৰ প্ৰতি দায়বদ্ধতাৰ কথা থাকিলহেঁতেন, তেনেহ'লে নিশ্চিতভাৱেই আজি ৰাজ্যসভাত কেবৰ বিৰুদ্ধে এই ২০ টা ভোটৰ ব্যৱধান দূৰ কৰাটো সম্ভৱপৰ হ'লেহেঁতেন।

অতি আশ্বৰ্য্যজনকভাৱে লোকসভাত নতুন সাংসদ গৌৰৱ গগৈয়ে বলিষ্ঠভাৱে অসমৰ স্বাৰ্থৰ কথা উল্লেখ কৰাৰ দৰেই আজি ৰাজ্যসভাত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কপিল শিবালে অসম তথা উত্তৰ-পূবত কেবক লৈ সৃষ্টি হোৱা জন জাগৰণ, উত্তপ্ত পৰিস্থিতিৰ বৰ্ণনা কৰাৰ উপৰি উক্ত বিধেয়কখনৰ জৰিয়তে কিদৰে অঞ্চলটোৰ খিলঞ্জীয়াৰ অস্তিত্বক বিপন্ন কৰাৰ লগতে সংবিধানৰ আত্মাত কিদৰে আঘাত হানিব সেয়া অতি স্পষ্টভাৱে উত্থাপন কৰিব পাৰিছিল।

অসমৰ ৰাইজে পিছে কংগ্ৰেছৰ সাংসদতকৈ অধিক দৃঢ়তাৰে ৰাজ্যসভাত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই যি বিষয়বোৰ উত্থাপনত সফল হ'ব বুলি আশা কৰিছিল, সেয়া সম্পূৰ্ণ নহ'ল। কিন্তু ক্ষোভৰ অগ্নিয়ে সমগ্ৰ অসম অগ্নিগৰ্ভ কৰি তোলাৰ সময়ত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ মুখত ব্ৰজ্ৰ কণ্ঠৰ সেই প্ৰতিবাদ পৰিলক্ষিত নহ'ল।

এসময়ত তেওঁ অধ্যক্ষৰ টেবুলৰ পৰা বিধেয়ক টানি আনি ফালি ৰাজ্যখনৰ জনগণৰ দৃষ্টিত শক্তিশালী জাতিয়তাবাদী নেতাৰ পৰিচয় দিছিল। কিন্তু আজি জাতিৰ সবাতোকৈ বিপৰ্যয়ৰ মুহূৰ্তত তেওঁ দুৰ্বল প্ৰতিবাদেৰে জাতি স্বাৰ্থৰ প্ৰতি থকা দায়বদ্ধতাৰ ভাও দি ভোট দান পৰ্বত চৰম বিশ্বাস ঘাতকতাৰে কেবৰ সমৰ্থনত থিয় দিয়ে।

তেওঁলোক সকলোৱে এটা কথা মনত ৰখা ভাল, অসমৰ ৰাইজে কোনো কালে জাতিক বিশ্বাস ঘাতকতা কৰা সকলক ক্ষমা কৰা নাই। এসময়ত বাৰাউনীলৈ পাইপ লাইন বহুওৱাৰ প্ৰতিশ্ৰুতি দি মুখ্যমন্ত্ৰীৰ চকী দখল কৰা নেতাই হওঁক, অথবা অসম আন্দোলনৰ নেতৃত্ব লৈ ক্ষমতাত অধিষ্ঠিত হোৱাৰ পিছত গাদী ৰক্ষাৰ স্বাৰ্থতে অসমীয়া নিধন অভিযানত দিল্লীক সাৰ পানী যোগোৱা খলনায়কেই হওঁক।

আজি জনতাৰ ক্ষোভাগ্নিয়ে আকৌ এবাৰ সৰ্বানন্দ সোণোৱালৰ পৰা কেশৱ মহন্তলৈ সকলোকে সেই সকিয়নীকে দিছে। আহি থকা দিনত ৰাইজৰ এই ক্ষোভাগ্নিয়ে তেওঁলোকৰ ক্ষমতাৰ খকৰ বাবেই এদিন ৰাজনৈতিক অস্তিত্বৰ লগতে নিজৰ অস্তিত্বও হয়তো পুৰি চাৰখাৰ কৰি দিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in