বিপুল ভোটেৰে লোকসভাত উত্থাপন কেবঃ মণিপুৰলৈ ইনাৰ লাইন পাৰ্মিট…

বিপুল ভোটেৰে লোকসভাত উত্থাপন কেবঃ মণিপুৰলৈ ইনাৰ লাইন পাৰ্মিট…

ডিজিটেল ডেস্কঃ কেবৰ বিৰুদ্ধে মাত্ৰ ৮২ টা ভোট। বিপুল সমৰ্থনত লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ উত্থাপন কৰাবলৈ সক্ষম হ'ল গৃহমন্ত্ৰী অমিত শ্বাহ। ৫৪৪ জনীয়া লোকসভাত বিধেয়কখন উত্থাপনৰ বাবে অনুষ্ঠিত হোৱা ভোটগ্ৰহণত বিপক্ষে মাত্ৰ ৮২ টা ভোটৰ বিপৰীতে সপক্ষে পৰিল ২৯৩ টা ভোট।

মহাৰাষ্ট্ৰত কংগ্ৰেছৰে মিত্ৰতাপাশত আৱদ্ধ শিৱসেনাৰ সাংসদসকলেও দিলে কেবৰ উত্থাপনৰ সমৰ্থনতে প্ৰদান কৰিলে ভোট। আনহাতে অৰুণাচল, নাগালেণ্ড, মিজোৰামৰ আৰ্হিত মণিপুৰকো ইনাৰ লাইন পাৰ্মিট ব্যৱস্থালৈ আনি উত্তৰ-পূবৰ সাতভনীৰ মাজত কেব সন্দৰ্ভত গঢ় লৈ উঠা ঐক্য বিভাজিত কৰিবলৈ সক্ষম হ'ল বিজেপি চৰকাৰ।

বিগত কেইদিনত অসমৰ সৰ্বস্তৰতে জ্বলা ক্ষোভ-প্ৰতিবাদৰ দাৱানলক মুঠেও কেৰেপ নকৰাকৈ অতি সহজেই ভাৰতীয় সংবিধানৰ আত্মাক আঘাত কৰা এই নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন কৰা কৰোৱা হ'ল। দিনৰ প্ৰায় ২ বজাৰ পৰা লোকসভাত অন্য বিধেয়কক লৈ আলোচনা হৈছিল যদিও বিয়লিভাগলৈ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সদনত পুনৰ আৰম্ভ হৈছে আলোচনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in