নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সহস্ৰাধিক কটনীয়ানৰ জোঁৰ সমদল

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সহস্ৰাধিক কটনীয়ানৰ জোঁৰ সমদল
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কটন বিশ্ববিদ্যালয়ত প্ৰতিবাদ।
  • কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ উদ্যোগত জোঁৰ সমদল।
  • এই প্ৰতিবাদত অংশ লৈছে শিল্পী সমাজেও।
  • বিধেয়কৰ বিৰুদ্ধে ওলাই আহিছে হাজাৰ হাজাৰ কটনীয়ান।
  • প্ৰতিবাদত উপস্থিত অভিনেত্ৰী অমৃতা গগৈ।
  • বিজেপি চৰকাৰ গ' বেক, জয় আই অসম, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, অসমীয়া জিন্দাবাদ, দিল্লীৰ শাসন নচলিব বুলি ধ্বনি দিছে প্ৰতিবাদকাৰীসকলে।
  • ৰাজপথত লগ হৈছে হাজাৰৰোধিক প্ৰতিবাদকাৰী।
  • কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে একাংশ আন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীও ওলাই আহিছে।
  • বিধেয়কখন বাতিল কৰাৰ দাবী।
  • অসমবাসী ওলাই আহিব লাগে বুলিও দাবী প্ৰতিবাদকাৰীৰ।
  • পৰীক্ষাৰ মাজতে এনেদৰে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে ছাত্ৰ-ছাত্ৰীসকল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in