নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত চৰাইদেউৰ পৰা গুৱাহাটীলৈ খোজকাঢ়ি মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, শিৱসাগৰঃ ৰাজ্যৰ চৌদিশে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত চলি আছে উত্তাল প্ৰতিবাদ। পুত্তলিকা দাহ, বিজেপিৰ নেতা মন্ত্ৰীৰ ঘৰ ঘেৰাও, বিজেপি কাৰ্যালয়লৈ গেলা কণী নিক্ষেপ, ৰাজপথ অৱৰোধ, অৱস্থান ধৰ্মঘটকে ধৰি বিভিন্ন ধৰণে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদ সাব্যস্ত কৰিছে অসমবাসীয়ে।

এনে প্ৰতিবাদৰ মাজতে চৰাইদেউ জিলাৰ সংগ্ৰামী যুৱক উমেশ বুঢ়াগোহাঁইৰ নেতৃত্বত লোহিত গগৈ, মৃদুল বাইলুং ফুকন, নৱদ্বীপ বৰুৱা আৰু পাৰ্থ ৰাজকোঁৱৰ চৰাইদেউৰ পৰা গুৱাহাটীলৈ খোজকাঢ়ি আহি মুখ্যমন্ত্ৰীক নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ বাবে স্মাৰক পত্ৰ প্ৰদান কৰে। যুৱক কেইজনে চৰাইদেউৰ পৰা গুৱাহাটীলৈ প্ৰায় ৫২৫ কিলোমিটাৰ পথ ৮৫ ঘন্টাত অতিক্ৰম কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in