কমলাবাৰীত কৃষক মুক্তিৰ “কা” বাতিলৰ দাবীত প্ৰতিবাদ, অখিল গগৈসহ সকলো কাৰাৰুদ্ধ আন্দোলনকাৰীক মুক্তিৰ দাবী, VIDEO

কমলাবাৰীত কৃষক মুক্তিৰ “কা” বাতিলৰ দাবীত প্ৰতিবাদ, অখিল গগৈসহ সকলো কাৰাৰুদ্ধ আন্দোলনকাৰীক মুক্তিৰ দাবী, VIDEO

ডিজিটেল সংবাদ, চেঙাঃ সংবিধান বিৰোধী জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন চমুকৈ "কা" বাতিল আৰু কৃষক নেতা অখিল গগৈসহ সকলো কাৰাৰুদ্ধ আন্দোলনকাৰীক বিনাচৰ্তে মুক্তি দিয়াৰ দাবীত বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত চেংদি বজাৰ প্ৰাংগণ(কমলাবাৰী)ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত বুধবাৰে গণ প্ৰতিবাদী সভা অনুষ্ঠিত হয়। কমলাবাৰী আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিবাদী সভাত চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে।

বিজেপি চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, বিজেপি গ' বেক, আৰ এছ এছ গ' বেক, "কা" আমাক নালাগে, "কা" আমি নামানো, অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়ক, বিজেপি চৰকাৰ হুচিয়াৰ আদি বিভিন্ন শ্লোগানেৰে উত্তাল হৈ পৰে কমলাবাৰীৰ আকাশ-বতাহ।

বৰপেটা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সম্পাদক দণ্ডীনাথ বৰ্মনে সংগ্ৰামী গীতেৰে আৰম্ভ কৰা প্ৰতিবাদী সভাখনত সভাপতিত্ব কৰে বৰপেটা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি জিতেন্দ্ৰ মেধিয়ে।

কমলাবাৰী আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি আব্দুল কালাম আজাদে উদ্দেশ্য ব্যাখ্যা কৰা প্ৰতিবাদী সভাখনত অধিবক্তা ছফিউৰ হুছেইন মোল্লা, কৃষক নেতা ক্ৰমে দণ্ডীনাথ বৰ্মন, কাজী নাজিমূল হক, মনিৰ আলীকে ধৰি বিভিন্ন দল -সংগঠনৰ কেইবাগৰাকী বিশিষ্ট লোকে "কা" সন্দৰ্ভত প্ৰতিবাদীমূলক ভাষণ প্ৰদান কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in