নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শান্তি নিকেতনত প্ৰতিবাদ, ‘জয় আই অসম’ ধ্বনিৰে উত্তাল কৰিলে অসমীয়া সমাজে

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শান্তি নিকেতনত প্ৰতিবাদ, ‘জয় আই অসম’ ধ্বনিৰে উত্তাল কৰিলে অসমীয়া সমাজে

ডিজিটেল ডেস্কঃ অসমৰ লগতে সমগ্ৰ ভাৰতৰ মূল ভূখণ্ডত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন তীব্ৰতৰ হৈ উঠাৰ সমান্তৰালভাৱে এই আন্দোলন গা কৰি উঠিছে দেশৰ আগশাৰীৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয়সমূহতো। শুকুৰবাৰে দিল্লীৰ জামিয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ৰাজপথলৈ ওলাই আহি নাগৰিকত্ব আইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদ প্ৰতিহত কৰিবলৈ আৰক্ষীয়ে চলোৱা লাঠি, গুলী চালনাত আহত হয় কেইবাজনো ছাত্ৰ-ছাত্ৰী।

কেন্দ্ৰৰ বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে দেশক ধৰ্মৰ ভিত্তিত বিভাজিত কৰাৰ চেষ্টা চলোৱা বুলি অভিযোগ উত্থাপন কৰিছে ছাত্ৰ-ছাত্ৰীসকলে। এই আইন অসাংবিধানকভাৱে সম্পন্ন কৰা বুলিও দেশৰ বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে দাবী কৰিছে। কিন্তু এই প্ৰতিবাদেও যেন কেন্দ্ৰৰ বিজেপি চৰকাৰৰ ওপৰত প্ৰভাৱ পেলাব পৰা নাই।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দেশৰ অন্যতম বিশ্ববিদ্যালয় বিশ্ব ভাৰতীতো উঠে প্ৰতিবাদৰ জোৱাৰ। দেশৰ আগশাৰীৰ বিশ্ববিদ্যালয়সমূহৰ ভিতৰত এখন পশ্চিম বংগৰ বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ শান্তি নিকেতনত অধ্যয়ণৰত অসমীয়া শিক্ষাৰ্থীসকলে বিগত ৩ দিন ধৰি নাগৰিত্ব সংশোধনী আইনৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।

শান্তি নিকেতনত প্ৰতিবাদ সাব্যস্ত কৰা অসমীয়া সমাজে খিলঞ্জীয়াৰ স্বাৰ্থবিৰোধী নাগৰিকত্ব সংশোধনী আইন কোনো পধ্যেই মানি লোৱা নহয় বুলি মন্তব্য কৰে। এই আইনৰ জৰিয়তে বিজেপি চৰকাৰে দেশখনক ধৰ্মৰ নামত বিভক্ত কৰি দেশৰ ঐক্য সম্প্ৰীতি ধ্বংস কৰিব বিচাৰিছে বুলি অভিযোগ কৰে অসমীয়া সমাজে।

'অ' মোৰ আপোনাৰ দেশ' গীতেৰে আৰম্ভ কৰা প্ৰতিবাদী কাৰ্যসূচীত শিক্ষাৰ্থীসকলে 'আমি কেব নামানো', 'কেব বাতিল কৰিবই লাগিব', 'আহ ঐ আহ ওলাই আহ' আদি শ্ল'গান দি প্ৰতিবাদ সাব্যস্ত কৰে। শিক্ষাৰ্থী সকলে কয়, 'কেবে আমাৰ অসমীয়া ভাষা, সংস্কৃতি, ৰাজনৈতিক অধিকাৰ, ভূমি অধিকাৰ আদি সকলোতে ভাবুকিৰ সৃষ্টি কৰিব। কেৱল ভোট বেংকৰ ৰাজনীতিৰে কেব আইনত পৰিণত কৰা হৈছে যদিও অসমীয়া জাতিয়ে ইয়াৰ বিৰোধিতা কৰি যাব আৰু এই আইন বাতিল নোহোৱা পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব।'

প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকলে কয়, 'অসমীয়া বিদেশীৰ ডাষ্টবিন নহয়। অসমীয়াই কোনোপধ্যেই বিজেপিৰ বোজা নলয়। ভাৰত এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। তেনে এখন ৰাষ্ট্ৰত ধৰ্মৰ নামত নাগৰিকত্ব প্ৰদান কেনেকৈ কৰা হ'ব পাৰে?' আনহাতে অসমত নাগৰিকত্ব আইন বিৰোধী প্ৰতিবাদৰ সময়ত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে প্ৰদৰ্শন কৰা বৰ্বৰতাকো ধিক্কাৰ জনায় শান্তি নিকেতনৰ অসমীয়া সমাজে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in