ডনাল্ড ট্ৰাম্পৰ ভ্ৰমণক লৈ মোডী-অমিত শ্বাহ ব্যস্ত থকা সময়তে ‘কা’ক লৈ জ্বলিল দিল্লী…

ডনাল্ড ট্ৰাম্পৰ ভ্ৰমণক লৈ মোডী-অমিত শ্বাহ ব্যস্ত থকা সময়তে ‘কা’ক লৈ জ্বলিল দিল্লী…

ডিজিটেল ডেস্কঃ দুদিনীয়া ভাৰত ভ্ৰমণলৈ মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প অহা সময়তে পুনৰ নতুন দিল্লীত 'কা' বিৰোধী আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰিছে। মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী দিল্লীত থকা সময়তে দিল্লীৰ মোজপুৰৰ পাছত ভজনপুৰাত এই আন্দোলনে হিংসাত্মক ৰূপ ধাৰণ কৰিছে।

'কা' বিৰোধী প্ৰতিবাদকাৰীয়ে কেইবাখনো যান-বাহনত অগ্নি সংযোগ কৰাৰ লগতে আৰক্ষী আৰু কা বিৰোধী প্ৰতিবাদকাৰীৰ মাজত হোৱা সংঘাতত প্ৰাণ হেৰুৱাইছে দিল্লী আৰক্ষীৰ হেড কনিষ্টবল ৰতনলালে।

এই সংঘাতত আন এগৰাকী উপ আৰক্ষী অধীক্ষক অমিত শৰ্মা গুৰুতৰভাৱে আহত হৈছে। হেড কনিষ্টবল ৰতনলাল গৌতমপুৰী থানাত কৰ্তব্যৰত আছিল। পৰিস্থিতি অধিক অৱনতি ঘটনাৰ পাছত অৰ্ধসামৰিক বাহিনীক নিয়োজিত কৰা হৈছিল।

কা বিৰোধী প্ৰতিবাদ চলি থকা সময়তে মোজপুৰত মেট্ৰ ষ্টেচনৰ সমীপত শিলাবৰ্ষণৰ এক ঘটনা সংঘটিত হয়। ৰবিবাৰৰ দৰে সোমবাৰেও হোৱা সেই শিলাবৰ্ষণত কা সমৰ্থনকাৰী আৰু বিৰোধী কৰা দুই ফৈদৰ মাজত সংঘৰ্ষ সংঘটিত হয়।

ইফালে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সকলো পক্ষকে শান্তি শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনাইছে। টুইটাৰযোগে তেওঁ দিল্লীৰ উপ ৰাজ্যপাল আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰীক আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আহ্বান জনায়।

উত্তৰপূব দিল্লী, জাফাৰাবাদ আৰু মোজপুৰ অঞ্চলত প্ৰতিবাদকাৰীসকলে দুটা ঘৰতো জুই লগাই দিয়ে। আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক খেদি পঠিয়াবলৈ কন্দোৱা গেছ আৰু গুলীবৰ্ষণ কৰিব লগা হয়। প্ৰতিবাদস্থলীত থকা এখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীও ক্ষতিগ্ৰস্ত কৰে প্ৰতিবাদকাৰীসকলে।

এই পৰিস্থিতিত দিল্লী মেট্ৰৰ জাফাৰাবাদ আৰু মোজপুৰ-বাবৰপুৰ ষ্টেচনৰ প্ৰৱেশ পথ আৰু ওলাই অহা পথ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে। দিল্লীৰ এই ঘটনা প্ৰবাহৰ পাছতেই কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰী জি কৃষ্ণন ৰেড্ডীয়ে গৃহ মন্ত্ৰালয়ৰ বিষয়াসকলক আৰু দিল্লী আৰক্ষীক প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে কঠোৰ শাস্তি গ্ৰহণৰ নিৰ্দেশ দিছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ দল আৰু ৰাহুল গান্ধীক সমালোচনা কৰি কয়- যি সকলে কা বিৰোধী প্ৰতিবাদত সমৰ্থন কৰিছে, তেওঁলোকে এতিয়া ক'ব লাগিব ভাৰতৰ ভাৱমূৰ্তি এইদৰে নষ্ট কৰাৰ বাবে দায়ী কোন?

দিল্লীৰ পৰিস্থিতি অধিক অৱনতি হোৱাৰ পৰিপ্ৰেক্ষিতত উদ্যোগ ভৱন পেটেলছ অৱ চেন্ট্ৰেল ছেক্ৰেটাৰীয়ে জনপথতো মেট্ৰ' ৰে'ল বন্ধ কৰি দিয়া হৈছে। ইতিমধ্যে চিআৰপিএফৰ ৮ টা বাহিনী মোতায়েন কৰা হৈছে উত্তৰপূব দিল্লীত।

কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰী ৰেড্ডীৰ দাবী- আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই প্ৰতিবাদ সাব্যস্ত কৰি ভাৰতৰ ভাবমূৰ্তি বিধ্বস্ত কৰাৰ চেষ্টা চলাইছে একাংশই। তেওঁ এনে কাৰ্যক সমালোচনা কৰি এনে হিংসাত লিপ্ত সকলক কোনো কাৰণতেই ৰেহাই দিয়া নহ'ব বুলি ঘোষণা কৰে।

পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিবলৈ কেন্দ্ৰীয় গৃহ সচিব অজয় ভালৰাই কেইবাজনো জ্যেষ্ঠ বিষয়াক অঞ্চলসমূহত সোশৰীৰে উপস্থিত থকাৰ নিৰ্দেশ দিছে। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰাৰ লগতে ঠায়ে ঠায়ে অধিক নিৰাপত্তাৰক্ষী নিয়োগ কৰিছে।প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰা উত্তৰপূব দিল্লীৰ কেইবা স্থানতো জাৰি কৰা হৈছে ১৪৪ ধাৰা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in