ভোগালীৰ আনন্দ-উছাহ একাষৰীয়া কৰি সৰ্থেবাৰীত অনশনত কৃষক মুক্তিৰ নেতা…

ভোগালীৰ আনন্দ-উছাহ একাষৰীয়া কৰি সৰ্থেবাৰীত অনশনত কৃষক মুক্তিৰ নেতা…

ডিজিটেল সংবাদ, চেঙাঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাৰ সৰ্থেবাৰীতো অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী। কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ সন্থা, শিল্পীসমাজ আদিকে ধৰি বিভিন্ন দল-সংগঠনে অব্যাহত ৰাখিছে "কা"ৰ বিৰুদ্ধে প্ৰতিবাদ।

অসমীয়াৰ হেঁপাহৰ বিহু ভোগালীতো অব্যাহত ৰাখিছে প্ৰতিবাদ। ভোগালী বিহুৰ আনন্দ-উছাহক একাষৰীয়া কৰি থৈ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ওলাই আহিছে জনতা। ভোগৰ উৎসৱ ভোগালী বিহুৰ উৰুকাৰ দিনাই "কা" বাতিল আৰু অখিল গগৈসহ সকলো কাৰাৰুদ্ধ আন্দোলনকাৰীক মুক্তি দিয়াৰ দাবীত ২৪ঘন্টীয়া অনশনত বহিল কৃষক মুক্তি সংগ্ৰাম সমিতি।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত সৰ্থেবাৰী নতুন বজাৰত এই অনশন কাৰ্যসূচী আৰম্ভ হৈছে। মঙলবাৰে দিনৰ ১১বজাৰ পৰা অনুষ্ঠিত অনশন কাৰ্যসূচীত অনশনকাৰী হিচাপে অংশগ্ৰহণ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বৰপেটা জিলা সমিতিৰ যুটীয়া সম্পাদক দণ্ডীনাথ বৰ্মন, কাৰ্যকৰী সভাপতি জিতেন্দ্ৰ মেধি আৰু চেঙা আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা পুতুল ৰয়ে।

উক্ত অনশন কাৰ্যসূচীলৈ সমৰ্থন আগবঢ়াই অনশনস্থলীত উপস্থিত থাকে সৰুক্ষেত্ৰী নাগৰিক মঞ্চৰ সভাপতি কামৰুজ জামান, উপ-সভাপতি ইউনুছ আলী, সম্পাদক দুলাল ডেকা, যুটীয়া সম্পাদক মনোৰঞ্জন মণ্ডলৰ লগতে মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় অধ্যক্ষ আদিত্য লহকৰে। ইয়াৰ উপৰিও বিভিন্ন দল-সংগঠনে অনশনলৈ সমৰ্থন আগবঢ়োৱা বুলি জানিবলৈ দিয়ে কৃষক নেতা দণ্ডীনাথ বৰ্মনে। "কা" আমি নামানো, বিজেপি চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, নৰেন্দ্ৰ মোডী হায় হায়, অমিত শ্বাহ হায় হায় আদি চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে অনশনকাৰীসকলে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in