শেহতীয়া খবৰ
চপাৰা-চপৰে খহা গাঁতৰ বাবে যাতায়তৰ অনুপযোগী নগাঁও-বটদ্রৱা সংযোগী পথঃ আগন্তুক দৌল মহোৎসৱৰ পূৰ্বে মেৰামতিৰ দাবী দল সংগঠনৰ  •  চামগুৰিত বনৰৌ উদ্ধাৰ  •  নাজিৰাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাইক ৰেলীত উত্তপ্ত পৰিস্থিতি, মন্ত্ৰীৰ কনভয়ৰ সন্মুখত ৰৈ প্ৰতিবাদ বিধায়ক দেৱব্ৰত শইকীয়াৰ...  •  চৰকাৰ আকোৰগোজ, আৰম্ভ কৰিবই ৰহাৰ টোলগেট! জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি, VIDEO  •  দিল্লীৰ ৰাজপথত বন্দুক টোঁৱাই সন্ত্ৰাস চলোৱা কোন এই শ্বাহৰুখ…  •  ভুল তথ্য দাখিল গোচৰত দিল্লীৰ উপ মুখ্যমন্ত্ৰী মণীষ চিছোদিয়ালৈ উচ্চ ন্যায়ালয়ৰ জাননী…  •  ন’ পাৰ্কিঙত ৰখোৱা বিধায়কৰ গাড়ীত হুইল ক্লেম ল’ক লগোৱা বিষ্ণু বৰাক প্ৰশংসা আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ  •  কৃষ্ণাইত ট্ৰেক্টৰ-ডাম্পাৰৰ দৌৰাত্ম্য, আৰক্ষীৰ ৰহস্যজনক ভূমিকা  •  ইটানগৰত ১২ ঘন্টীয়া বন্ধৰ সময়ত হিংসাত্মক ঘটনা, প্ৰতিবাদকাৰীয়ে ভাঙিলে কেবাখনো বিলাসী বাহনৰ গ্লাছ...  •  দিল্লী আৰক্ষীৰ নতুন আয়ুক্তৰূপে এছএন শ্ৰীবাস্তৱক নিযুক্তি…

মৰঙিত ভোগালী উৎসৱৰ মাজতে ‘কা’ বিৰোধিতা ৰাইজৰ…

38

ডিজিটেল সংবাদ, দৈগ্ৰোংঃ মৰঙি মৌজাৰ ৩ নং কৈবৰ্ত গাঁৱৰ শাওঁতলীত বৃহস্পতিবাৰে ভোগালী উৎসৱ অনুষ্ঠিত হয়৷ শাওঁতলী ঘাট গাঁৱৰ ৰাইজৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ভোগালী উৎসৱত বিভিন্ন গ্ৰাম্য ক্ৰীড়া প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়।

সন্ধিয়া মূল সভাত সমাজকৰ্মী ইমৰান হুছেইন, মৰঙি পঞ্চায়তৰ সভাপতি অনিল শইকীয়া, সাংবাদিক হেমন্ত শইকীয়া, পৰাগ জ্যোতি শইকীয়াই অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে৷ সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধন কৰে মৰঙি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ডেভিদ ঠেঙালে৷ সাংস্কৃতিক সন্ধিয়াত স্থানীয় শিশুসকলে দ্বাৰা নাটক, গীত-নৃত্য পৰিবেশন কৰে৷

এই অনুষ্ঠানতে নাগৰিকত্ব সংশোধিত আইনৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে কা’ বিৰোধী আন্দোলনত প্ৰাণ হেৰুওৱা ৫ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বন্তী প্ৰজ্বালন কৰে মহেন্দ্ৰ শইকীয়াই৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি