‘কা’ অসমবাসীয়ে গ্ৰহণ কৰা নাছিল আৰু নকৰেঃ ঢকুৱাখনা,ঘিলামৰাত আছুৰ জোঁৰ সমদল, VIDEO

‘কা’ অসমবাসীয়ে গ্ৰহণ কৰা নাছিল আৰু নকৰেঃ ঢকুৱাখনা,ঘিলামৰাত আছুৰ জোঁৰ সমদল, VIDEO

ডিজিটেল সংবাদ, ঢকুৱাখানা/ঘিলামৰাঃঅসম তথা দেশবাসীৰ মাহজোৰা গণতান্ত্ৰিক প্ৰতিবাদ, আৱেগ-অনুভূতিক ভৰিৰে মোঁহাৰি শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰাৰ পাছতে ক্ষোঙত জ্বলি উঠিছে ৰাজ্যৰ দল সংগঠনসমূহ।

ৰাজ্যৰ আন প্ৰান্তৰ লগতে শনিবাৰে সন্ধিয়া হাজাৰ হাজাৰ প্ৰতিবাদকাৰীৰ কা' বিৰোধী শ্লগানত মুখৰিত হ'ল ঘিলমৰা। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ঘিলামৰা আছুৰ লগতে প্ৰতিবাদত অংশ লোৱা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ তাই আহোম ছাত্ৰ সন্থাৰ আঞ্চলিক সমিতি আৰু সাধাৰণ ৰাইজে একেমুখে কেন্দ্ৰীয় চৰকাৰৰ এই কাৰ্যক তীব্ৰ গৰিহণা দিয়ে।

প্ৰতিবাদস্থলীৰ পৰাই সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সহঃ সাধাৰণ সম্পাদক টুলটুল ভৰালীয়ে চৰকাৰক সৰ্তকবাণী প্ৰদান কৰি কয়, অসমবাসীৰ আৱেগৰ সৈতে চৰকাৰে খেলা নকৰিব। অসম বিদেশীৰ চৰণীয়া পথাৰ নহয়। সময় থাকোতেই সঠিক আৰু শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰিবলৈও আহ্বান জনায় ছাত্ৰ নেতাগৰাকীয়ে।

ইফালে শনিবাৰে সন্ধিয়া ঢকুৱাখনাৰ আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ তাই আহোম ছাত্ৰ সন্থা, ঢকুৱাখনা ব্যৱসায় সন্থাকে ধৰি অন্য জাতি জনগোষ্ঠীৰ সংগঠন আৰু সহস্ৰাধিক সচেতন নাগৰিকৰ কা বিৰোধী ধ্বনিৰে কঁপি উঠিল ঢকুৱাখনা।

হাতে হাতে জোঁৰ লৈ প্ৰতিবাদী জনতাই ঢকুৱাখনা নগৰৰ মাজ মাজিয়াৰে বাহিৰ কৰে প্ৰতিবাদী সমদল। প্ৰতিগৰাকী জনতাই জাতিধ্বংসী বিজেপি চৰকাৰ গ' বেক, নৱ দলে গ' বেক, সৰ্বা-হিমন্ত লেই-লেই চেই-চেি ধ্বনি দি সকলোৱে বিজেপি চৰকাৰক একেমুখে ধিক্কাৰ দি যিকোনো প্ৰকাৰে কা বাতিল কৰিবই লাগিব বুলি হুংকাৰ প্ৰদান কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in