নাগৰিকত্ব সংশোধনী আইনৰ বিৰু্দ্ধে চানমাৰীত মানৱ শৃংখল, VIDEO

নাগৰিকত্ব সংশোধনী আইনৰ বিৰু্দ্ধে চানমাৰীত মানৱ শৃংখল, VIDEO

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দেওবাৰে মহানগৰীৰ চানমাৰী কঁপালে আছুৰ লগতে ৩০ জনগোষ্ঠীয় সংগঠনে। চানমাৰীৰ প্ৰতিমা বৰুৱা পাণ্ডেৰ প্ৰতিমূৰ্তিৰ সন্মুখতে আছুকে ধৰি আন ৩০ জনগোষ্ঠীয় সংগঠনে আইনখনৰ বিৰুদ্ধে মানৱ শৃংখল গঢ়ি কোনো কাৰণতে 'কা' মানি নোলোৱাৰ হুংকাৰ দিয়ে।

এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ আছুৰ লগতে জাতীয় সংগঠনৰ সদস্যসকলে 'কা' আনি বিজেপিয়ে অসম ধ্বংস কৰিব খুজিছে বুলিও মন্তব্য কৰে। প্ৰতিবাদী কাৰ্যসূচীত আছু তথা ৩০ জনগোষ্ঠীয় সংগঠনৰ কেবা শতাধিক সদস্যই অংশ লয়। এই কাৰ্যসূচীত সংগঠনকেইটাৰ সদস্যসকলৰ লগতে সাধাৰণ ৰাইজেও বেনাৰ, প্লে' কাৰ্ড লৈ 'কা' কোনো কাৰণতে মানি লোৱা নহ'ব বুলি কৈ বিভিন্ন চৰকাৰ বিৰোধী শ্লোগান দিয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in