‘কা’ জাপি দিয়াৰ প্ৰতিবাদঃ অগ্নিপিণ্ডত পৰিণত অসম, মেজিৰ জুইৰ পূৰ্বেই শনিবাৰে চৌদিশে ক্ষোভৰ দাবানল

‘কা’ জাপি দিয়াৰ প্ৰতিবাদঃ অগ্নিপিণ্ডত পৰিণত অসম, মেজিৰ জুইৰ পূৰ্বেই শনিবাৰে চৌদিশে ক্ষোভৰ দাবানল

ডিজিটেল ডেস্কঃ দেশজুৰি সাব্যস্ত হৈ থকা প্ৰতিবাদক চূড়ান্তভাৱে অৱজ্ঞা কৰি শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত জাননি জাৰি কৰাৰ লগে লগে প্ৰতিবাদৰ অগ্নিপিণ্ডত পৰিণত হৈছে অসম। যোৱা নিশাই গুৱাহাটীকে ধৰি বিভিন্ন ঠাইত বিক্ষিপ্তভাৱে কেন্দ্ৰীয়-ৰাজ্য চৰকাৰৰ মুৰব্বীৰ প্ৰতিকৃতি দাহৰ লগতে প্ৰতিবাদী সমদল বাহিৰ কৰাৰ পাছত শনিবাৰে দিনৰ ভাগত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ, সভা, সমদল বাহিৰ কৰে প্ৰতিবাদী দল-সংগঠনে।

ইফালে সন্ধিয়াৰ লগে লগে গুৱাহাটীকে ধৰি বিভিন্ন জিলা সদৰৰ লগতে গাঁৱে-ভূঞেও হাজাৰ হাজাৰ লোক অগ্নিশিখা হাতত লৈ 'কা' জাপি দিয়াৰ বিৰুদ্ধে ৰণ হুংকাৰ দিয়ে। গুৱাহাটীত ছাত্ৰ, শিল্পী সমাজৰ লগতে আছু, যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি আদি সংগঠনৰ সদস্যই বিভিন্ন পথত জোঁৰ সমদল বাহিৰ কৰি মহানগৰীৰ ৰাজপথ চৰকাৰ তথা 'কা' বিৰোধী ধ্বনিৰে উত্তাল কৰি তোলে।

একেদৰেই শদিয়াৰ পৰা ধুবুৰীলৈ, ধেমাজিৰ পৰা কাৰ্বি আংলঙলৈ বিভিন্ন জিলাত শনিবাৰে সন্ধিয়া বিভিন্ন সংগঠনৰ লগতে স্বতঃস্ফূৰ্তভাৱেও অগণন লোকে জোঁৰ সমদল বাহিৰ কৰি গাঁৱে-ভূঞে, নগৰে-চহৰে প্ৰতিবাদ সাব্যস্ত কৰে। গোলাঘাট জিলাৰ সদৰত আছু, যুৱ ছাত্ৰ পৰিষদ, শিল্পী তথা নাগৰিক সমাজে বাহিৰ কৰা জোঁৰ সমদলত কেইবাহাজাৰ লোকেও অংশ লয়।

নলবাৰীতো শনিবাৰে সন্ধিয়া চহৰৰ এন টি ৰোডত যুৱ ছাত্ৰ পৰিষদৰ সদস্যসকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি দাহ কৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনটোৰ সদস্য সকলে এই প্ৰতিবাদী কাৰ্যসূচীত মুখ্যমন্ত্ৰী সোণোৱালক মেৰুদণ্ডহীন মুখ্যমন্ত্ৰী আখ্যা দিয়ে।

নলবাৰীত প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ

বৰপেটাৰ কলগাছিয়াত আমছুৱে 'কা'ৰ বিৰুদ্ধে অনুষ্ঠিত কৰা বিশাল প্ৰতিবাদী সভাত স্বতঃস্ফূৰ্তভাৱে যোগ দিয়ে হাজাৰোধিক লোকে। সভাখনত অংশ লৈ সমাজকৰ্মী মীৰা বৰঠাকুৰ আৰু বুদ্ধিজীৱী মনজিৎ মহন্তই চৰকাৰক কঠোৰ সমালোচনা কৰে। মহন্তই বিদেশীক অসমত সংস্থাপন দিবলৈ ওলোৱা চৰকাৰৰ মন্ত্ৰীক পঘাৰে বান্ধি সীমান্তত থৈ আহিব লাগে বুলিও মন্তব্য কৰে।

গোৱালপাৰাত শনিবাৰে সন্ধিয়া আছুৰ লগতে ৩০ জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বত বাহিৰ কৰা হয় জোঁৰ সমদল। এই প্ৰতিবাদী কাৰ্যসূচীত সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰি বিশ্বাসঘাতক সোণোৱাল চৰকাৰ হুচিয়াৰ, 'কা' আমি নামানো, নৰেন্দ্ৰ মোডী-অমিত শ্বাহ মুৰ্দাবাদ, খেদ ঐ খেদ, বিদেশীক খেদ আদি ধ্বনিৰে পৰিৱেশ উত্তপ্ত কৰি তোলে। গোৱালপাৰা মহাবিদ্যালয় প্ৰাংগনৰ পৰা চহৰৰ মাজেৰে বাহিৰ কৰা এই প্ৰতিবাদী সমদলে স্তব্ধ কৰি তোলে নগৰীয়া জীৱন যাত্ৰা।

গোৱালপাৰাত 'কা'ৰ বিৰুদ্ধে সন্ধিয়া প্ৰতিবাদী জোঁৰ সমদল…

নগাঁও চহৰত আছুৰ নেতৃত্বত আৰু বিভিন্ন দল-সংগঠনৰ সহযোগত সন্ধিয়া বৃহৎ সংখ্যক লোকে 'কা' জাপি দিয়াৰ বিৰুদ্ধে বাহিৰ কৰে প্ৰতিবাদী সমদল। কামপুৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে অন্যান্য সংগঠনেও সন্মিলিতভাৱে কামপুৰ চহৰৰ মাজেৰে বাহিৰ কৰে প্ৰতিবাদী জোঁৰ সমদল।

ৰহাতো সন্ধিয়া আছু আৰু অন্যান্য সংগঠনৰ নেতৃত্বত চহৰৰ মাজেৰে এক প্ৰতিবাদী জোঁৰ সমদল বাহিৰ কৰা হয়।

একেদৰে মৰিগাঁও জিলা সদৰত আছু আৰু জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বত বাহিৰ কৰা জোঁৰ সমদলৰ লগতে সহস্ৰ জনতাৰ প্ৰতিবাদ ধ্বনিয়ে আকাশ-বতাহ কঁপাই তোলে।

চিৰাং জিলাৰ অন্তৰ্গত বিজনী চহৰতো বাহিৰ হয় প্ৰতিবাদী সমদল। কামৰূপ জিলাৰ ছয়গাঁৱত আছুু, যুৱ ছাত্ৰ পৰিষদ, শিল্পী আৰু নাগৰিক সমাজৰ লগতে অন্যান্য সংগঠনৰ সহস্ৰাধিক লোকে ছয়গাঁও বজাৰৰ মাজেৰে সন্ধিয়া বাহিৰ কৰে এক বৃহৎ জোঁৰ সমদল।

ছয়গাঁৱত জোঁৰ সমদল…

ইফালে, শদিয়াত দিনত অনুষ্ঠিত হোৱা বিশাল প্ৰতিবাদী সভাত আছুৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে জনবিৰোধী নাগৰিকত্ব সংশোধনী আইন কেন্দ্ৰীয় চৰকাৰে বলপূৰ্বকভাৱে জাপি দিয়াৰ পৰিণতি ভয়ংকৰ হ'ব বুলি সকিয়নী প্ৰদান কৰাৰ বিপৰীতে সন্ধিয়াৰ লগে লগে বৃহৎ সংখ্যক লোকে জোঁৰ সমদলো বাহিৰ কৰে।

চৰাইদেউ জিলাৰ মথুৰাপুৰতো শনিবাৰে সন্ধিয়া নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে জোঁৰ সমদল বাহিৰ কৰে আছুৱে। সহস্ৰাধিক লোকে এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ চৰকাৰ আৰু 'কা' বিৰোধী ধ্বনিৰে উত্তাল কৰি তোলে মথুৰাপুৰ চহৰ।

তেনেদৰে তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, জোনাই, ধেমাজি, ঢকুৱাখনা, লখিমপুৰ, বিশ্বনাথ, তেজপুৰ, কোকৰাঝাৰ, গোসাঁইগাঁও, টংলা, ওৰাং আদিতো শনিবাৰে সন্ধিয়া বৃহৎ পৰিমাণৰ লোকৰ অংশগ্ৰহণেৰে জোঁৰ সমদল বাহিৰ কৰা হয়।

গোলাঘাট জিলাৰ নুমলীগড়তো সন্ধিয়া আছুৰ আহ্বানত বাহিৰ কৰা হয় 'কা'ৰ বিৰুদ্ধে প্ৰতিবাদী জোঁৰ সমদল। আহ ঐ আহ, ওলাই আহ, খেদ ঐ খেদ বিদেশীক খেদ, সোণোৱাল চৰকাৰ হায় হায়, 'কা' আমি নামানো আদি চৰকাৰ আৰু 'কা' বিৰোধী ধ্বনিৰে নুমলীগড় চহৰৰ মাজমজিয়াৰে বাহিৰ কৰা প্ৰতিবাদী জোঁৰ সমদলত অংশ লয় বহু লোকে।

এক কথাত শুকুৰবাৰে নাগৰিকত্ব সংশোধনী আইনৰ আনুষ্ঠানিক জাননি জাৰি কৰাৰ পিছতে বিগত কুৰি দিন ধৰি 'কা' বিৰোধী আন্দোলনত উত্তাল হৈ থকা সমগ্ৰ অসম শনিবাৰে সন্ধিয়া প্ৰতিবাদী জনতাৰ অগ্নিশিখাৰে এক অগ্নিপিণ্ডত পৰিণত হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in